Chhattisgarh : ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ ১১জন জোৱান

1680766305 maoist

Chhattisgarh :

ছত্তীশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ।আৰক্ষীৰ জোৱান কঢ়িয়াই অনা এখন বাহনত IED বিস্ফোৰণ।ছত্তীশগড়ৰ দান্তেৱাড়াত সংঘটিত হৈছে এই ঘটনা।

নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ অব্যাহত আছে।তথ্য অনুসৰি এই ভয়ংকৰ আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে ১০জন ডি আৰ জি জোৱান আৰু এজন চালকে ।

এই আক্ৰমণক লৈ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শোক প্ৰকাশ কৰি কয় যে নক্সালবাদীক ৰেহাই দিয়া নহ’ব। এই ঘটনা অত্যন্ত দুখজনক। মাওবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ অন্তিম পৰ্যায়ত আছে।

Exit mobile version