Gunman in Malda School : হাতত বন্দুক লৈ মালদহৰ বিদ্যালয়ত যুৱক ! আতংকিত শিক্ষাৰ্থী

1682497780 malda

Gunman in Malda School :

মালদহত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । বন্দুক হাতত লৈ বিদ্যালয়ত প্ৰৱেশ এজন অচিনাক্ত যুৱকৰ ।শ্ৰেণীকোঠাত প্ৰৱেশ কৰিয়ে শিক্ষকৰ বাবে ৰখা টেবুলত ৰাখিলে দুটা এচিড ভৰ্তি বীয়েৰৰ বটল ।

ঘটনাটো সংঘটিত হৈছে মালদহৰ মুচিয়া চন্দ্ৰমোহন উচ্চ বিদ্যালয়ত ।প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে দুপৰীয়া এজন যুৱকে হঠাতে মালদহ মুচিয়া চন্দ্ৰমোহন উচ্চ বিদ্যালয়ত প্ৰৱেশ কৰে।

শ্ৰেণীকোঠাত তেওঁক দেখি অতংকিত হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল । ইয়াৰ পাছতে তেওঁ বন্দুক দেখুৱাই ভাবুকি দিবলৈ আৰম্ভ কৰে।উল্লেখ যোগ্য যে কিছু সময়ৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অচিনাক্ত লোকজনক ।

Exit mobile version