Hojai Health centre : ডবকাৰ চাংমাজীত থকা উচ্ছেদীত লোকসকলৰ মাজত আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা

1935e691 c691 4826 a975 c3af8e426d9f

Hojai Health centre :

লামডিং বনাঞ্চলৰ পৰা উচ্ছেদ হৈ ডবকাৰ চাংমাজীত থকা উচ্ছেদীত লোকসকলৰ মাজত বিনামূলীয়া চিকিৎসা সেৱাৰ ব্যৱস্থা কৰি দিয়ে আজমলে।হোজাইৰ হাম হস্পিটেলৰ লগত সহযোগত কৰে আজমল ফাউণ্ডেচন আৰু মৰ্কজুল মা’আৰিফে।

উল্লেখযোগ্য কিছুদিন পূৰ্বে এই উচ্ছেদী স্থলিত থকা বহু কণকণ শিশু বিশেষ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল, ইয়াৰে বহুতো শিশুক নগাঁৱলৈ উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও সম্পূৰ্ণ আৰোগ্য লাভ কৰিব পৰা নাই।

এনে দূৰ্দশাৰ তথ্য লাভ কৰি আজমল চি এছ আৰৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত তিনিদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়াকৈ চিকিৎসা সেৱাৰ সুবিধা কৰি দিয়ে উচ্ছেদস্থলীত।

উল্লেখ্য যে কিছু মাহ পূৰ্বে বিশেষ ৰোগত আক্ৰান্ত হৈ এটি কণমানি শিশুৱে মৃত্যুক আকোঁৱালি লৈছিল আৰু আৰু দুই সপ্তাহ আগতে প্ৰা‌য় ৪০ গৰাকীৰো অধিক শিশু ৰোগত আক্ৰান্ত হৈ পৰিছিল।

আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰি উচ্ছেদ স্থলীৰ লোকে সকাহ লাভ কৰে বুলি মন্তব্য কৰি কয় যে আমাৰ কণকণ শিশুবোৰ জীয়াই থকাৰ সাহস লাভ কৰিছোঁ।

আজমলে আমাৰ শিশুক বিনামূলীয়া দৰব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাম হস্পিটেলৰ চি এম ডি ডা° চি ইছলামে জানিবলৈ দিয়ে যে উচ্ছেদ স্থলীত তিনিদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়াকৈ চিকিৎসা সেৱা চলিব, আৰু যিমানদূৰ সম্ভৱ হয় কণকণ শিশুৰ ৰোগ নিৰাময় কৰিব পৰা বিধৰ চিকিৎসা আগবঢ়োৱাই ৰোগ মুক্ত কৰি তুলিবলৈ যত্ন আগবঢ়াব।

Exit mobile version