Japan Airlines : মধ্য আকাশত বিমানৰ যান্ত্ৰিক ত্ৰুটি ! তাৰ পাছত ?

1682504571 japan airlines

Japan Airlines :

মধ্য বতাহত হঠাৎ বিমানত যান্ত্ৰিক ত্ৰুটি । যাৰ ফলত ততাতৈয়াকৈ দিল্লীলৈ উভতিল জাপান এয়াৰলাইনছৰ টকিঅ’অভিমুখী এখন বিমান ।বিমানখন উৰা আৰম্ভ কৰাৰ পাছত প্ৰায় পাঁচ ঘণ্টা আকাশত আছিল। তাৰ পাছতে যান্ত্ৰিক ত্ৰুটিৰ বাবেই বিমানখন দিল্লীলৈ উভতি আহে ।

তথ্য অনুসৰি বিমানখন মঙলবাৰে সন্ধিয়া সাত বাজি ২০ মিনিটত ২০০ জন যাত্ৰী লৈ টকিঅ’ৰ হানেদা বিমানবন্দৰৰ বাবে উৰা মাৰিছিল।মাজ নিশা ১.৪৫ বজাত বিমানখন পুনৰ দিল্লীলৈ উভতি আহে । তথ্য অনুসৰি বিমানখনত মধ্য আকাশতে যান্ত্ৰিক সমস্যাই দেখা দিয়ে আৰু তাৰ পাছতে বিমানখন দিল্লীলৈ উভতি আহে।

বিমানখনৰ এজন যাত্ৰীয়ে পিটিআইক জনাই যে বিমানখন কমেও পাঁচ ঘণ্টা ধৰি আকাশত আছিল। তাৰ পাছত, বিমানখনৰ যান্ত্ৰিক ত্ৰুটিৰ বিষয়ে সকলোকে অৱগত কৰা হয়।বিমানখন তেতিয়াই দিল্লীলৈ উভতি আহে । অৱশ্যে, বিমানখনত কেনে ধৰণৰ যান্ত্ৰিক ত্ৰুটি হৈছিল সেয়া জনা নাযায়।

বিমানখন মাজভাগৰ পৰা উভতি অহাৰ লগে লগে যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হয় । তেওঁলোকক দিল্লীৰ এখন হোটেলত ৰখা হৈছে।বিমানখনে আজি সন্ধিয়া টকিঅ’লৈ যাত্ৰা পুনৰ আৰম্ভ কৰিব। জাপান এয়াৰলাইনছে তৰফৰ পৰা এই ঘটনাৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

Exit mobile version