Lampi Rongali Bihu Celebration : অসম-মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীত পোন প্ৰথমবাৰৰ

বহাগ বিহু উদযাপন কৰিলে গোৰ্খাসকলে

02bff938 98e7 48e2 8d96 5f74f9908dc7

Lampi Rongali Bihu Celebration :

অসম মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীত পোন প্ৰথমবাৰৰ বাবে ঢোল, পেঁপা,গগণাৰ মাত শুনা গ’ল। অসমীয়াৰ বাপতিসাহোন বহাগ বিহু উদযাপন কৰি গোৰ্খাসকলে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা দেখা গ’ল। সহযোগ আগবঢ়ালে লাম্পীৰ অসম আৰক্ষীয়েও।

কঁকাল ঘূৰাই নাচিলে পাহাৰীয়া ভূখণ্ডৰ গোৰ্খাসকলৰ লগতে একাংশ খাচী লোকে।অসমৰ ভূমি ৰক্ষাৰ স্বাৰ্থত মেঘালয়ৰ বিৰুদ্ধে হাতত সদায় খুকুৰি লৈ থকা গোৰ্খা সকলে চিৰসেউজ লাম্পীত উদযাপন কৰিলে বিহু।

আনহাতে লাম্পী আৰু মেঘালয়ত বসবাস কৰা খাচীসকলেও বিহুতলীত অংশীদাৰ হোৱা দেখা গ’ল। লাম্পী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ সৌজন্যত প্ৰথম বাৰ্ষিক সীমান্ত বিহু উদযাপন চিৰসেউজ লাম্পীত।

কামৰূপ জিলাৰ আৰক্ষীৰ দল একগোট হ’ল চিৰ সেউজ লাম্পীৰ বিহুতলীত। আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় উপস্থিত হৈ ক’লে বহাগ বিহু হৈছে ডেকা গাভৰুৰ বিহু। অসম মেঘালয় সীমান্তৱৰ্তী চিৰসেউজ লাম্পীত পোন প্ৰথমবাৰৰ বাবে শুনা গ’ল ঢোল, পেঁপা, গগণাৰ মাতে ৰজনজনাই গ’ল।

Exit mobile version