Rana Goswami : প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল

বিজেপিৰ মহিলা মৰ্চাই দাখিল কৰে এজাহাৰ

236fce51 5e97 4b6c a940 9b63ce3f8127

Rana Goswami :

কথাত বঁটা পায়,কথাত কটা যায় ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাৰ ক্ষেত্ৰত ৷প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে শিৱসাগৰত বিজেপি মহিলা নেত্ৰীৰ বিৰুদ্ধে কৰিছিল নানান অশালীন মন্তব্য ৷ যাৰ বাবে জাঙুৰ খাই উঠিছে বিজেপি মহিলা মৰ্চা ৷

ইতিমধ্যে আজি ৰাণা গোস্বামীৰ বিৰুদ্ধে দিছপুৰ থানাত সুকীয়া সুকীয়াকৈ দুখন এজাহাৰ দাখিল কৰে প্ৰদেশ বিজেপি আৰু মহিলা মৰ্চাৰ ৰাজ্যিক কমিটিয়ে ৷

আনহাতে বিজেপিৰ মহিলা নেত্ৰী-কৰ্মীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য দিয়া ৰাণা গোস্বামী সহ প্ৰদেশ কংগ্ৰেছে ৰাজহুৱা ক্ষমা নোখোজিলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে অসম প্ৰদেশ বিজেপিয়ে ৷

Exit mobile version