Taliban : তালিবানৰ হাতত প্ৰাণ গ’ল কাবুল বিমানবন্দৰত বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড, দাবী আমেৰিকাৰ

explosion 1629986653

Taliban :

২০২১ চনৰ আগষ্টত আফানিস্তান দখল কৰিছিল তালিবানে । ইয়াৰ পাছত আত্মঘাতি বিস্ফোৰণত কঁপি উঠিছিল কাবুল বিমানবন্দৰ (Kabul Airport) । প্ৰাণ হেৰুৱাইছিল ১৩ জন মাৰ্কিন সেনাকৰ্মী আৰু আফগান ।সেই আক্ৰমণৰ মাষ্টাৰমাইণ্ডক হত্যা কৰিছে তালিবানে । হোৱাইট হাউচে কৰিলে এই দাবী ।

তালিবানে ২০২১ চনৰ আগষ্টত আফগানিস্তান দখল কৰিছিল। উগ্ৰপন্থীসকলে ৰাজধানী কাবুল দখল কৰাৰ পাছত আমেৰিকা আৰু বিদেশী নাগৰিকসকলে দেশখনৰ পৰা সোনকালেই পলায়ন কৰে।

আৰু পলায়নৰ একমাত্ৰ পথ আছিল কাবুল বিমানবন্দৰ । এই পৰিস্থিতিত, তাতে সংঘটিত হয় এটা ডাঙৰ বিস্ফোৰণ । কেৱল বিমানবন্দৰতে নহয়, বেৰন হোটেলৰ সন্মুখতো সংঘটিত হয় বিস্ফোৰণ ।

আক্ৰমণটোৰ মূল সূত্ৰধাৰ হৈছে এজন ইছলামিক ষ্টেট খোৰাচান (IS-Khorasan) এজন উগ্ৰপন্থী। এবে গেটৰ দৰে কেবাটাও ঘটনাৰ আঁৰত আছিল তেওঁৰ মগজু । “কিন্তু তেওঁ কোনো নতুন আক্ৰমণৰ পৰিকল্পনা কৰিব নোৱাৰে বুলি দাবী কৰিলে হোৱাইট হাউচৰ মুখপাত্ৰ কাৰ্বিয়ে ।তালিবানৰ হাতত উগ্ৰপন্থীজনৰ মৃত্যু হ’লেও তেঁওৰ নাম প্ৰকাশ্যেত অনা নাই আমেৰিকাই।

২০১১ চনৰ পাছত আফগানিস্তানত এইটোৱে আছিল আমেৰিকা বাহিনীৰ ওপৰত হোৱা আটাইতকৈ ডাঙৰ আক্ৰমণ । আফগানিস্তানত সামৰিক হেলিকপ্টাৰ গুলীবৰ্ষণ কৰি নমোৱা হৈছিল । ঘটনাটোত ২০ জন আমেৰিকাৰ সৈনিক নিহত হয় । এক দশকৰ পাছত, আইএছআইএছে কাবুল বিমানবন্দৰত আক্ৰমণ কৰে।

Exit mobile version