Boko : বকোত ছয় ৰাভা জাতীয় সংগঠনৰ দ্বিতীয় লানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন

Boko :

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদখন ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত ছয় ৰাভা জাতীয় সংগঠনে দ্বিতীয় লানি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন ।

দ্বিতীয় লানি আন্দোলনৰ প্ৰথম কাৰ্যসূচী অনুসৰি আজি পৰিষদৰ অন্তৰ্গত জয়ৰামকুছিৰ পৰা ৰাণীলৈ বাইক ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

গোৱালপাৰা জিলা আৰু কামৰূপ জিলাৰ কেবা শতাধিক ছয় ৰাভা জাতীয় সংগঠনৰ বিষয়ববীয়াসহ সদস্য/সদস্যাই বাইক ৰেলিৰে ৰাণীলৈ যোৱা পথত বকোত পুষ্প বৃষ্টিৰে আদৰণি জনাই কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই।

আজিৰে পৰা ৩০মে’লৈ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি,বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম, নিখিল ৰাভা জাতীয় পৰিষদ,সদৌ ৰাভা কৃষ্টি সন্মিলনৰ যৌথ আহ্বানত ৰূপায়ন কৰা হৈছে আন্দোলনৰ কাৰ্যসূচীসমূহ।

আজি বাইক ৰেলীৰ পাছত ন মে’ত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন,১৬মে’ত ৰাজভৱনৰ সন্মুখত ধৰ্ণা,৩০মে’ত চাইকেল ৰেলী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

বাইক ৰেলীত উপস্থিত থাকে নিখিল ভাৰত ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খাণ্ডা,সা: সম্পাদক প্ৰদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা,সা: সম্পাদিকা কবিতা ৰাভা,ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা, মুখ্য সম্পাদক অশোক ৰাভা,বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমৰ সভাপতি অমৰ সিংহ কোচ, সা:সম্পাদক ৰাজকুমাৰ ৰাভা,নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা, সা: সম্পাদক গোবিন্দ ৰাভা,সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পাম,সা: সম্পাদক কামেশ্বৰ ৰাভা সহ ৰাভা জাতীয় সংগঠনৰ অন্যান্য বিষয়ববীয়া আৰু সদস্য/সদস্যা উপস্থিত থাকে

Exit mobile version