Chaygaon : মৰ্মান্তিক ! পুত্ৰ , বোৱাৰীৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত পিতৃ মাতৃ

5b55e30a da4c 4691 8592 23c7cc32a716

Chaygaon :

দক্ষিণ কামৰূপৰ ছয়গাওঁ সমষ্টিৰ জোৰশিমুলিৰ চৌধুৰীপাম গাঁৱত পুত্ৰৰ বৰ্বৰ আক্ৰমণৰ সন্মুখীন হ’ল পিতৃ মাতৃ। কুলাংগাৰ পুত্ৰৰ প্ৰহাৰত ৰক্তাক্ত এগৰাকী পিতৃ। চোকা অস্ত্ৰৰে অৰ্তকিতে পিতৃ মাতৃৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ চলাই নিজ পুত্ৰ আৰু পুত্ৰ- বোৱাৰীয়ে।

তথ্য অনুসৰি পৈত্ৰিক সম্পত্তি ভাগ বাটোৱাৰাক লৈ পিতা পুত্ৰৰ মাজত এই সংঘাত আৰম্ভ হয় ৷ইউছুপ আলীৰ পুত্ৰ শ্বহিদুল ইচলাম আৰু পুত্ৰ বোৱাৰী ছাদিকা ছিদ্দিকাই নিৰ্মমভাৱে প্ৰহাৰ কৰে পিতৃ মাতৃক

ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বয়োজেষ্ঠ পিতৃ মাতৃ। পুত্ৰৰ দ্বাৰা প্ৰহাৰীত আঘাতপ্ৰাপ্ত পিতৃ মাতৃ দুয়োকে লগে লগে গৰৈমাৰী সাময়িক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে।পাছত পিতৃ ইউছুফ আলীৰ অৱস্থা অতিকৈ সংকটজনক হোৱাত লগে চিকিৎসকে  জি এম চি এইচ লৈ প্ৰেৰণ কৰে।

সাম্প্ৰতি নিজ পুত্ৰৰ হাতত প্ৰহাৰীত পিতৃ ইউছুফ আলীয়ে মৃত্যুৰ স’তে যুঁজি আছে জি এম চি এইচ বিচনাত ৷ এতিয়া প্ৰশ্ন হ’ল জেষ্ঠ পিতৃক বৰ্বৰ আক্ৰমণ কৰা কুলাংগাৰ পুত্ৰ শ্বহিদুল ইচলামৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে প্ৰশাসনে।

ইফালে ভোক্তভোগী মাতৃয়ে অৱশেষত পুত্ৰৰ শাস্তিৰ দাবীত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে।

Exit mobile version