Karimuddin’s MLA Post May Be Dismissed: শিক্ষাগত অৰ্হতাৰ জালিয়াতিৰ অভিযোগ

গভীৰ বিপদৰ সন্মুখীন কৰিম উদ্দিন, খাৰিজ হ'ব পাৰে বিধায়ক পদ !

karimuddin27 4 23

Karimuddin’s MLA Post May Be Dismissed:

বিগত বিধানসভা নিৰ্বাচনত শিক্ষাগত অৰ্হতাৰ সন্দেহজনক প্ৰমাণপত্ৰ দাখিলৰ অভিযোগত বিপদৰ সন্মুখীন হৈছে সোণাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা। বিগত বিধানসভা নিৰ্বাচনত বৰাকৰ সোণাই সমষ্টিৰ পৰা বিজয়ী হোৱা এআইইউডিএফৰ বিধায়ক কৰিমউদ্দিনৰ নিৰ্বাচনক প্ৰত্যাহ্বান জনাই সমষ্টিটোৰ পূৰ্বৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰে

গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা এই আবেদনখনত লস্কৰে অভিযোগ উত্থাপন কৰিছিল যে বিগত বিধানসভা নিৰ্বাচনত কৰিম উদ্দিন বৰভূঞাই দাখিল কৰা মনোনয়নপত্ৰৰ স’তে সংলগ্ন শপতনামাত নিজৰ শিক্ষাগত অৰ্হতা স্নাতক বুলি উল্লেখ কৰিছিল।

কিন্তু তেওঁৰ শিক্ষাগত অৰ্হতাৰ ওপৰত সন্দেহ ওপজাত এটা পক্ষই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা নথিৰে নিশ্চিত হয় যে তেওঁৰ শিক্ষাগত অৰ্হতা সত্য নহয়। সেই সূত্রে প্রাক্তন বিধায়ক লঙ্কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত কয় যে বৰভূঞাই সমষ্টিটোৰ ৰাইজক কার্যতঃ ভুৱা তথ্যৰে প্ৰতাৰণা কৰি নিৰ্বাচনত বিজয়ী হৈছে।

গতিকে তেওঁৰ নিৰ্বাচন গ্রহণযোগ্য নহয়। লঙ্কৰে এই আবেদন দাখিল কৰাৰ পাছতে বৰভূঞাই এই আবেদনক প্রত্যাহ্বান জনাই ন্যায়ালয়ত আন এখন আবেদন দাখিল কৰি অনুৰোধ জনাইছিল যে তেওঁৰ বিৰুদ্ধে লস্কৰে দাখিল কৰা আবেদনখন গ্রহণযোগ্য নহয় আৰু সেয়েহে ইয়াক খাৰিজ কৰিব লাগে।

এই আবেদনৰ ওপৰত বিগত প্ৰায় দুটা বছৰ ধৰি অব্যাহত থকা শুনানিৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি বিধায়ক বৰভূঞাৰ আবেদনখনহে খাৰিজ কৰে আৰু তেওঁৰ আবেদনখন গ্রহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে। ইয়াৰ লগে লগে ন্যায়ালয়ৰ মজিয়াত বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ লস্কৰৰ আবেদনখনৰ ওপৰত ন্যায়ালয়ে শুনানি আৰম্ভ কৰাৰ পথ প্ৰশস্ত হ’ল।

লস্কৰৰ অধিবক্তাই আজি এই প্রসংগত জনায় যে যিহেতু বৰভূঞাৰ আবেদনখন খাৰিজ হ’ল সেয়েহে লস্কৰৰ আবেদনখনৰ ওপৰত এতিয়া ন্যায়ালয়ে যাৱতীয় তথ্যপাতি বিচাৰি বিচাৰ আৰম্ভ কৰিব। যিহেতু এই আবেদনখন দাখিল কৰা প্ৰায় দুবছৰেই হৈ গ’ল সেয়েহে ন্যায়ালয়ে যথা সম্ভৱ খৰতকীয়াকৈ শুনানি অনুষ্ঠিত কৰিব বুলি অধিবক্তাজনে আশা প্রকাশ কৰে। তেওঁ এই কথাও কয় যে এজন বিধায়কৰ বাবে তেওঁৰ নিৰ্বাচনৰ বিৰুদ্ধে দাখিল কৰা আবেদন এক বৃহৎ প্রত্যাহ্বান; কিয়নো উপযুক্ত তথ্যপাতিৰ আধাৰত তেওঁৰ নিৰ্বাচন খাৰিজ হ’লে তেওঁৰ বিধায়ক পদো খাৰিজ হ’ব পাৰে।

Exit mobile version