Lay Off: চাকৰি হ্ৰাস তথ্য-প্রযুক্তি খণ্ডত, ভাৰতৰ তিনি বৃহৎ প্রতিষ্ঠানত ৬৫ শতাংশ নিয়োগ কর্তন

How Layoff has Impacted the Hiring Trends

Lay Off :

বিগত বিত্তীয় বৰ্ষৰ পৰা বিশ্বৰ বৃহৎ বৃহৎ বহুজাতিক প্রতিষ্ঠানে হেজাৰ হেজাৰ কৰ্মীক ছাটাই অভিযান অব্যাহত ৰাখিছে।চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতো প্ৰায়বোৰ ব্যক্তিগত প্রতিষ্ঠানে কর্মী ছাটাই অব্যাহত ৰাখিছে।

শেহতীয়া প্রতিবেদনৰ তথ্য অনুসৰি বিশ্বজুৰি তথ্য-প্রযুক্তি খণ্ডত নিযুক্তি হ্রাস পাইছে। ভাৰতৰ তিনিটা বৃহৎ তথ্য-প্রযুক্তি সংস্থা টিচিএছ, ইনফ’ছিছ আৰু এইচচিএল টেক-এ প্রায় ৬৫ শতাংশ নিয়োগ হ্রাস কৰিলে।

বিগত বৰ্ষসমূহত এই তিনিটা সংস্থাই গড়ে ১.৯৭ লাখ কর্মীক নিযুক্তি দিছিল। কিন্তু যোৱা বিত্তীয় বৰ্ষত সংস্থা তিনিটাই মাত্র ৬৮,৮৮৬ জন কর্মীকহে নিযুক্তি দিলে।

Exit mobile version