Tamulpur : তামুলপুৰত আৰক্ষীৰ অভিযান , ৮০ কিলগ্ৰাম গাঞ্জা সহ এল্ট বাহন জব্দ

36b9347b d730 43af accf 7fe5eb7d1146

Tamulpur :

তামুলপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি তামুলপুৰ মহকুমাৰ দ্বাৰকুছিৰ ঘগা দলংৰ সমীপত এখন অ’ল্ট বাহন (এছ- ০১ -ডি ইউ- ৭৩৮৩ )সহ প্ৰায় ৮০ কিল’গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ দেওঘৰীয়াই সদৰি কৰা মতে, আজি দিনৰ ভাগত ওদালগুৰীৰ পৰা এখন অ’ল্ট বাহনত বুজন পৰিমানৰ গাঞ্জা লৈ তামুলপুৰ অভিমূখে আহি থকা খবৰ লাভ কৰে তামুলপুৰ থানাৰ অধীনস্থ গান্ধিবাৰী আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মইদুল ইছলামে ৷

খবৰ লাভ কৰি আৰক্ষীৰ এটি দলে ৰঙিয়া – ভূটান পথত খাপপিটি থাকোত এখন সন্দেহজনক অল্ট বাহন ৰঙিয়া-ভূটান পথেৰ ৰঙিয়া অভিমূখে আহি থকাত আৰক্ষীয়ে ৰবলৈ নিৰ্দেশ দিয়াত অল্ট বাহন খন তীব্ৰ বেগেৰ গুছি যায় ৷

লগে লগে আৰক্ষী দলে বাহন খন পিছে পিছে খেদি যায় ৷ প্ৰায় বাৰ কিল’মিটাৰ পথ খেদি যোৱাৰ পাছত দ্বাৰকূছিৰ ঘোগা দলংৰ পাৰত গাঞ্জা ভৰ্তি অ’ল্ট গাড়ী খন এৰি পলায়ন কৰে বাহন খনৰ চালক সহ আনকেইজন লোক ৷

বাহন খনৰ ভিতৰৰ পৰা চৈধ্যটা পেকেটত ভৰাই অনা প্ৰায় ৮০ কিলগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাছত জব্দকৃত অল্ট সহ গাঞ্জা খিনি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনে ৷

আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ হোৱা গাঞ্জাৰ বজাৰ মূল্য পাঁচ লক্ষ্যাধিক টকা হ’ব ৷ তামুলপুৰ আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version