Vitamin E Capsule For Skin And Hair :

ভিটামিন ই-য়ে শৰীৰক বিভিন্ন ধৰণে উপকাৰ কৰে। এই ভিটামিন ই-য়ে হাড়ৰ যত্ন লোৱাৰ লগতে বয়স বৃদ্ধিৰ সমস্যাও প্ৰতিৰোধ কৰিব পাৰে । ছাল বা চুলিৰ যত্নত, বহুলোকে ভিটামিন ই কেপচুল ভাঙি , অন্য বস্তুৰ স’তে মিহলি ব্যৱহাৰ কৰে।
খাদ্যৰ পৰা পৰ্যাপ্ত ভিটামিন ই শৰীৰে লাভ নকৰিলে বহুলোকে এই কেপচুলও গ্ৰহণ কৰে । ইয়াৰ উপৰিও, ভিটামিন ই উপকাৰী।
(১) মুখৰ মাস্ক
বহুলোকে ছালৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ, শুকান ছালৰ যত্ন ল’বলৈ ভিটামিন ই ব্যৱহাৰ কৰে। যদি কোনো পেকট এই ভিটামিন ই অইল মিহলি কৰিব পাৰে তেন্তে বৰ ভাল।
শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি এক টেবল চামুচ দৈত এক চাহ চামুচ মৌ আৰু ভিটামিন ই মিহলি কৰিব পাৰে। ইয়াৰ বাহিৰেও, যিসকলৰ অধিক ব্ৰণৰ সমস্যা আছে, তেওঁলোকে মুখত ভিটামিন ই কেপচুল তৰল ঘঁহি এই সমস্যা হ্ৰাস কৰিব পাৰে।
ওঁঠৰ যত্নত
ভিটামিন ই-য়ে ওঁঠৰ ডাঠ দাগ, ফাটি যোৱা ওঁঠ বা শুকান ওঁঠৰ পৰা সকাহ দিব পাৰে। নিশা শুবলৈ যোৱাৰ আগতে, এই কেপচুলটো ভাঙ ওঁঠত লগালে এই সমস্যাসমূহৰ পৰা হাত সাৰিব পাৰিব ।
(৩) চকুৰ তলত ডাঠ দাগ
নিশা সাৰে থাকি আপোনাৰ চকুৰ তলত দাগ বহিছে নেকি? এতিয়া আৰু চিন্তা নাই চকুৰ তলৰ ফুলা আৰু ডাঠ দাগ কেইদিনমানৰ ভিতৰতে আঁতৰিব। ৰাতি শুবলৈ যোৱাৰ আগতে, কেপচুলৰ পৰা তেলটো উলিয়াই চকুৰ চাৰিওফালে ঘঁহি দিয়ক আৰু কিছুদিন এনে কৰাৰ পাছত আপুনি দেখিব যে আপোনাৰ চকুৰ চাৰিওফালে পৰা কলা দাগ হ্ৰাস পাবলৈ ধৰিছে ।
(৩) কিউটিকল তেল
নখৰ কাষৰ পৰা ছাল এৰাইছে ? ভিটামিন ই কেপচুল গ্ৰহণ কৰাৰ উপৰিও, নখৰ চাৰিওফালে ভিটামিন ই তেল প্ৰয়োগ কৰক। সোনকালেই এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
(৫) চুলিৰ যত্ন
বহুলোকে চুলিৰ যত্নত তেলত ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে। নতুন চুলি গজাবলৈ, মূৰৰ ছালত সংক্ৰমণ হ্ৰাস কৰিবলৈ, আৰু উফিৰ সমস্যা আঁতৰ কৰিবলৈ ভিটামিন ই কেপচুল ব্যৱহাৰ কৰা হয়।