Difference between Earth and Mars : প্ৰতিবেশী গ্ৰহৰ ভিতৰুৱা তথ্য পোহৰলৈ আনিলে নাছাই

মঙলৰ স'তে পৃথিৱীৰ প্ৰভেদ ক'ত

1682577188 earth

Difference between Earth and Mars :

বাহ্যিক দিশত বিশেষ পার্থক্য নাই। সেই বাবেই সৌৰজগতৰ এই গ্ৰহটোত বহু বাৰ প্ৰাণৰ সন্ধান কৰা হৈছে। অৱশ্যে সাম্প্ৰতিক তথ্যই জনাইছে যে মঙল আৰু পৃথিৱীৰ ভিতৰ ভাগৰ গঠনত যথেষ্ট পার্থক্য আছে।

ADVERTISEMENT

অচিন মঙল গ্রহক অধিক নিৱিড়ভাৱে জনাৰ বাবে আমাৰ প্রতিবেশী গ্রহত কাম অব্যাহত ৰাখিছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰেৰণ কৰা ৰ’ব’টিক ইনছাইট লেণ্ডাৰে।

প্রাপ্ত তথ্যৰ ভিত্তিত গৱেষণা কৰি বিজ্ঞানীসকলে জানিব পাৰিছে যে পৃথিৱী আৰু মঙলৰ ভূঅভ্যন্তৰ সম্পূর্ণ পৃথক। ৰ’ব’টিক লেণ্ডাৰৰ মাধ্যমেৰে প্ৰেৰণ কৰা ভূকম্প তৰংগৰ পৰা দেখা গৈছে যে পৃথিৱীৰ তুলনাত মঙলৰ কেন্দ্ৰস্থল অতি বেছি অগভীৰ।

পৃথিৱীৰ কেন্দ্রস্থল অর্ধগলিত লোৰে গঠিত হ’লেও মঙল গ্ৰহৰ কেন্দ্ৰৰ প্ৰায় ২০ শতাংশ স্থান জুৰি আছে লোৰ তুলনাত অনেক পাতল ছালফাৰ।

গেছীয় উপাদান হিচাপে আছেঅক্সিজেন আৰু হাইড্ৰ’জেন। সৃষ্টিৰ আৰম্ভণিৰ দিনত কি কি উপাদানেৰে গ্ৰহবোৰ সৃষ্টি হৈছিল, সিবোৰৰ কেন্দ্ৰস্থল পৰীক্ষা কৰি তাৰ এক আভাস পোৱা যায়। বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে পৃথিৱীৰ কেন্দ্ৰত লোৰ আধিক্যই আমাৰ নীলগ্ৰহৰ অভ্যন্তৰক সক্রিয় কৰি ৰাখিছে।

আনহাতে, একাংশ বিজ্ঞানীয়ে অনুমান কৰিছে যে গধুৰ মৌলৰ অভাৱত সুদূৰ ভৱিষ্যতত মঙল গ্ৰহে ঘূর্ণনৰ শক্তি হেৰুৱাব পাৰে। অৱশ্যে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন থকা বুলি জনাইছে নাছাই।

Exit mobile version