Chaigaon Ghoramara Fire :ছয়গাঁৱৰ ঘোৰামাৰা পথাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা 

fire

Chaigaon Ghoramara Fire :

ছয়গাওঁৰ ঘোৰামাৰা পথাৰত দিন দুপৰতে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত ঘোৰামাৰা পথাৰ গাঁৱৰ সমেজ উদ্দিন নামৰ লোকজনৰ বাসগৃহ প্ৰথমে অগ্নিকাণ্ড সংঘটিত হৈ মূৰ্হুতৰ ভিতৰতে সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ADVERTISEMENT

এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা টিঙৰ গৃহ জুইৰ লেলিহান শিখাই মূহুৰ্তৰ ভিতৰতে ভস্মীভূত কৰে। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় ৫ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰীৰ আৰু প্ৰয়োজনীয় নথিপত্ৰ জুইত ভষ্মীভূত হয়।

বিদ্যুতৰ শ্বৰ্ট ছাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ আপ্ৰাণ চেষ্টাৰ ফলতেই জুই নিৰ্বাপন কৰা হয়।

Exit mobile version