Guwahati :মহানগৰীত চাঞ্চল্যকৰ ঘটনা

বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াই নিলে মহিলাৰ বেগ,বাইকত অহা দুৰ্বৃত্তই মহিলাৰ হাতৰ পৰা থপিয়াই নিলে বেগ

29 4 23

Guwahati :

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক অসামাজিক কাৰ্যকলাপ

অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰিছে যদিও অপৰাধীৰ কাৰ্যকলাপ বন্ধ হোৱা নাই ৷ যাৰ বাবে নিদ্ৰা হৰণ হৈছে মহানাগৰিকৰ ৷

ইয়াৰ মাজতে শণিবাৰে দিন দুপৰতে মহিলাৰ পৰা দুই দুৰ্বৃত্তই কাঢ়ি নিলে ধনৰ বেগ ৷ বেলতলাৰ চন্দন নগৰত সংঘটিত হয় এই ঘটনা ৷ হেলমেট পৰিধান কৰা দুই দুৰ্বৃত্তৰ মটৰ চাইকেলত আহি পথৰে গৈ থকা এগৰাকী মহিলাৰ হাতৰ পৰা টানি নিয়ে টকা ভৰ্তি বেগ ৷
চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰি উধাও হয় দুৰ্বৃত্ত দুটা ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰ

Exit mobile version