Kaziranga Road Accident:কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনা !

পথৰ ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰ’ৰ পিক আপ ভানৰ প্ৰচণ্ড খুন্দা, থিতাতে নিহত দুজন

track Accident 29 4 23

Kaziranga Road Accident:

কাজিৰঙাৰ ৰাজপথত পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ শনিবাৰে পুৱা হালধিবাৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ লোক ৷

সদাব্যস্ত পথটোৰ কাষত ৰৈ থকা এএছ০২-এ চি ৬৪৩৮ ট্ৰাক এখনক পাছফালৰ পৰা তীব্ৰ বেগত আহি থকা এএছ ০২পি চি ৭৪৭৪ বলেৰ’ পিক আপ ভান এখনে প্ৰচণ্ড খুন্দা মাৰে ফলত বলে’ৰ খনৰ দুজনকৈ আৰোহী থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰভাৱে আহত হয় ভান খনৰ চালক আৰু আন এজন আৰোহী ৷

দুয়োকে উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

Exit mobile version