Pm Narendra Modi Maan Ki Batt:২৮ হাজাৰ বুথক সমাৰি ৰাজ্যৰ ১৪ হাজাৰ প্ৰান্তত আয়োজিত হ’ব “মন কী বাত” অনুষ্ঠান

maankibatt29 4 23

Pm Narendra Modi Maan Ki Batt:

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান “মন কী বাত” অহা ৩০ এপ্ৰিলত ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। ২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা সম্প্ৰচাৰিত হৈ অহা “মন কী বাত” অনুষ্ঠানৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে দেশৰ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰৰ বিষয়সমূহ ৰাইজৰ আগত প্ৰকাশ কৰি আহিছে।

“মন কী বাত”ৰ ১০০ তম খণ্ডটি বিশেষভাৱে আয়োজন কৰাৰ হেতু ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্র দেশজুৰি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে।
সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক কাৰ্যসূচীৰে “মন কী বাত” অনুষ্ঠানৰ বাবে ব্যাপক প্রস্তুতি চলিছে । অসম চৰকাৰৰ মন্ত্ৰী, বিধায়ক, সাংসদ সকলে নিজ নিজ বুথত উপস্থিত থাকি এই অনুষ্ঠানৰ অংশীদাৰ হ’ব।

এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ অন্যতম সাধাৰণ সম্পাদক তথা ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠানৰ আয়োজক সমিতি উত্তৰ-পূবৰ আহ্বায়ক পুলক গোহাঁইয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ সৈতে পোনপটীয়াকৈ মত প্ৰকাশ কৰাৰ উদ্দ্যেশ্য “মন কী বাত” অনুষ্ঠান আৰম্ভ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সমাজৰ বিভিন্ন স্তৰত নিৰৱে কাম কৰি থকা মহান ব্যক্তি সকল, সমাজৰ আওতাত থকা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ উপলদ্ধি আৰু অনুভৱ আকাৰে “মন কী বাত” অনুষ্ঠানৰ জৰিয়তে ব্যক্ত কৰি আহিছে।

গোহাঁইয়ে লগতে কয় বিজেপি অসম প্রদেশে ২৮ হাজাৰ বুথক সামৰি ৰাজ্যৰ ১৪ হাজাৰ স্থানত ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠানৰ আয়োজন কৰিব আৰু এই কাৰ্যক্ৰমত ৫০ লাখৰো অধিক কাৰ্যকৰ্তা প্ৰত্যক্ষভাৱে জড়িত থাকিব ।

ৰাজ্যিক সাধাৰণ সম্পাদক গৰাকীয়ে লগতে কয়, এই কাৰ্যসূচীলৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ জনোৱাৰ লগতে তেখেত সকলক সম্বৰ্ধনাও জনাব।

ৰাজ্যৰ প্ৰতিটো প্ৰান্তত অনুষ্ঠানটি সফলভাৱে আয়োজন কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বুথ স্তৰৰ পৰা মণ্ডল স্তৰৰলৈকে প্ৰতিজন কার্যকর্তাই সাজু বুলি পুলক গোহাঁইয়ে বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

Exit mobile version