Cm Himanta Viswa Sarma:লোকসভা নিৰ্বাচনৰ পূৰ্বে নহয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

তিনিশমান অসম আৰক্ষীৰ লোক মদ খোৱাৰ ফলত কাম কৰিব পৰাকৈ সুস্থ নহয়, সেই সকলক দিয়া হ'ব ভি আৰ এছ :মুখ্যমন্ত্ৰী

maan ki batt 2

Cm Himanta Viswa Sarma:

১২৬টা সমষ্টিতে হ’ব উপায়ুক্তৰ সমকক্ষৰ কাৰ্যালয় ৷এই কাৰ্যালয় সমূহৰ কতৃত্ব থাকিব অতিৰিক্ত উপায়ুক্তক ৷ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

আজি মন কী বাতৰ ১০০ সংখ্যক খণ্ডৰ সম্প্ৰচাৰ অনুষ্ঠানত অংশ ল’বৰ বাবে প্ৰদেশ বিজেপিৰ বশিষ্টৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত সদৰি কৰে ৰাজ্য চৰকাৰৰ কেতবোৰ সিদ্ধান্তৰ কথা ৷ তেওঁ কয় , এতিয়াৰ পৰা জিলা উপায়ুক্ত সকলে আইন-শৃংখলাৰ লগতে আন গধুৰ কাম কৰিব ৷

ইয়াৰ বিপৰীতে মাটিকে ধৰি অন্যান্য কাম সমূহ ১২৬টা সমষ্টিত কৰিব অতিৰিক্ত উপায়ুক্ত সকলে ৷ আনহাতে সমষ্টি সমূহ জিলা নহ’লেও যাতে সকলো কাম হয় ৰাইজক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পৰা পৰিত্ৰাণ দিবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তিনিচুকীয়াত হ’ব লগীয়া জিলা উপায়ুক্ত সন্মিলনত সিদ্ধান্ত কাৰ্যকৰী কৰা হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷

Exit mobile version