Goreswar:গোৰেশ্বৰৰ বাঙালীপাৰাত অঘটন !

কুঁৱা খান্দি থকা অৱস্থাতে মৃত্যু দুই শ্রমিকৰ

goreswar30 4 23

Goreswar:

শ্ৰমিক দিৱসলৈ মাজত মাত্ৰ এটা দিন থকা অৱস্থাত দুজনকৈ শ্ৰমিকৰ কৰুণ মৃত্যু। গোৰেশ্বৰৰ বাঙালীপৰাত কুঁৱা খান্দি থকা অৱস্থাতে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷

প্ৰাপ্ত খবৰ অনুসৰি বাঙালীপৰাত এজন লোকৰ ঘৰত কুঁৱা খান্দি থকা অৱস্থাত ২০ ফুট দ কুঁৱাটোৰ ভিতৰত অক্সিজেন নাপায় দুই শ্ৰমিক অচেতন হৈ পৰে ৷

পাছত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দলে অতি তৎপৰতাৰে কুঁৱাটোৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷

মৃত শ্ৰমিক দুজন হ’ল বাঙালীপাৰাৰে ৰমজান আলী আৰু চিৰাজ আলী।

Exit mobile version