Ludhiana Gas Leak Incident : লুধিয়ানাৰ ফেক্টৰীত অঘটন !

বিষাক্ত গেছ নিৰ্গতৰ ফলত দুই শিশুসহ এঘাৰজনৰ মৃত্যু

ludhiana gas leak 1

Ludhiana Gas Leak Incident:

পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰত ভয়ংকৰ ঘটনা ৷ শ্বেৰপুৰ চ’কৰ নিকটৱৰ্তী সমীপৰ ছুৱা ৰোডৰ এটা ফেক্টৰীত দেওবাৰে হঠাতে গেছ নিৰ্গত হয় ৷ ফলত দুটি কণমানি সহ এঘাৰজন লোকৰ কৰুণ মৃত্যু ঘটাৰ বিপৰীতে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰে দহজন লোক ।

আজি পুৱাভাগতে প্ৰথমে নিৰ্গত হোৱা ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত ততাতৈয়াকৈ এছ ডি আৰএফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ ফেক্টৰীৰ আশে পাশে থকা বাসগৃহ সমূহ খালি কৰিবলৈ বাসিন্দা সকলক অনুৰোধ জনাই বহুতকে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰে ৷

ইয়াৰ পূৰ্বেই মৃত্যু ঘটে দুটি শিশু সহ এঘাৰজন লোকৰ ৷ আনহাতে অসুস্থ হৈ পৰা এঘাৰজন লোকক লুধিয়ানা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে উদ্ধাৰকাৰীৰ দলে ৷

আনহাতে লুধিয়ানা গেছ ঘটনাত প্ৰাণ হেৰুৱা লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৷মুখ্যমন্ত্ৰী গৰাকীয়ে দুৰ্গত সকলক উদ্ধাৰ কৰিবলৈ আৰক্ষী আৰু এন ডি আৰ এফ নিৰ্দেশ দিয়াৰ লগতে অসুস্থ সকলক পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসক সকলক নিৰ্দেশ দিয়ে ৷

সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে এই ঘটনাত ক্ষতিগ্ৰস্ত সকলক চৰকাৰে সম্পূৰ্ণভাৱে সহায়ৰ হাত আগবঢ়াব আৰু ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে ৷

স্মতৰ্ৱ্য যে,এই দুৰ্ঘটনাটো গিয়াচপুৰস্থ এটা অট্টালিকাত থকা দুগ্ধ বুথত সংঘটিত হয় ৷ পুৱালৈ গাখীৰ ক্ৰয় কৰিবলৈ যিসকল আহিছিল সকলো অচেতন হৈ পৰে।

ইয়াৰ পাছতে ঘটনাটো স্থানীয় লোকে গম পাই সংশ্লিষ্ট কৰ্তৃপক্ষক খবৰ দিয়ে ৷  প্ৰশাসনৰ লোক উপস্থিত হৈ এই পৰ্যন্ত নিশ্চিত হ’ব পৰা নাই যে,কি গেছ নিৰ্গত হৈছে ৷ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে।

গিয়াছপুৰৰ এই ফেক্টৰীটোৰ পৰা গেছ নিৰ্গত হোৱাৰ পাছৰে পৰা তিনিশ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ বাসিন্দা সকলৰ উশাহ- নিসাহ লোৱাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাত বহুতেই নিজ নিজ বাসগৃহ ত্যাগ কৰি নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ লগতে চিকিৎসকৰ কাষ চাপে ৷

আনপিনে লুধিয়ানা জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ অসুস্থ সকলক চিকিৎসা সেৱা আগবঢ়োৱা উপৰি গুৰুত্বৰভাৱে অসুস্থ সকলক এম্বুলেন্সৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ৷

লুধিয়ানাৰ উপ-আয়ুক্ত সুৰভি মালিকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে এই ঘটনা ৰাসায়নিক পদাৰ্থই মেনহ’লত মিথেনৰ সৈতে বিক্ৰিয়া ঘটি হয়তো শোকাৱহ ঘটনাটো সংঘটিত হয় ৷

অৱশ্যে এই পৰ্যন্ত নিশ্চিত কৰিব পৰা হোৱা নাই ৷ এই সন্দৰ্ভত পৰীক্ষা কৰি থকা হৈছে আৰু ইতিমধ্যে এন ডি আৰ এফে নমুনা সংগ্ৰহ কৰা বুলিও উল্লেখ কৰে উপ – আয়ুক্ত গৰাকীয়ে ।

Exit mobile version