Panchyayat Secretary Arrested In Cachar :ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্চায়ত সচিব

অৱসৰলৈ মাজত আছিল এটা দিন

cacher 30 4 23

Panchyayat Secretary Arrested In Cachar :

লোভেই পাপ ,পাপেই মৃত্যু  ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে এজন চৰকাৰী বিষয়াৰ ক্ষেত্ৰত ৷ অৱসৰলৈ মাজত মাত্ৰ এটা দিন থকাৰ পূর্বেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন পঞ্চায়ত সচিব ৷ ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পঞ্চায়ত সচিবজনক

ধৃত পঞ্চায়ত সচিবজন হ’ল কাছাৰ জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ বোৱালিচেংজুৰ পঞ্চায়তৰ সচিব ৰতিশ ধৰ ৷ সচিবজনক উধাৰবন্ধৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে কাছাৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে, কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে থানাত পঞ্চায়ত সচিবজনে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ সম্বলিত এক গোচৰ ৰজু কৰিছিল ৷

চি ই অ’ গৰাকীয়ে তৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পঞ্চায়তৰ সচিবজনক ৷ আনহাতে বৰ্তমানেও পলাতক অৱস্থাত আছে কৃপা সিন্ধু আৰু অমৃতলাল গোৱালা নামৰ আন দুই অভিযুক্ত।

Exit mobile version