Manas National Park :পৰ্যটকৰ আগমনে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা

manas national park

Manas National Park :

প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটকৰ আগমনে ৰাষ্ট্ৰীয় উদ্যানখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷এইবাৰ মে’ মাহ আগমন ঘটাৰ পিছতো কমা নাই ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা পৰ্যটকৰ সংখ্যা।

বৰ্তমানলৈ বৰষুণৰ পৰিমাণ কম হোৱা হেতুকে ৰাষ্ট্ৰীয় উদ্যানখনত পানীৰ প্ৰৱেশ হোৱা নাই। ফলশ্ৰুতিত ৰাষ্ট্ৰীয় উদ্যান খনলৈ অহা পৰ্যটক সকলে বিনা দ্বিধাই উপভোগ কৰিব পাৰিছে জীৱ- জন্তুৰ মুক্ত বিচৰণৰ লগতে উদ্যানখনৰ মনোমোহা দৃশ্য।

আনহাতে অন্য বৰ্ষৰ তুলনাত এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ জন্তুৰ মুক্ত বিচৰণ পৰ্যটক সকলে আশা কৰাৰ ধৰণে দেখিবলৈ পাইছে। জাকে জাকে বনৰীয়া হাতী, বনৰীয়া ম’হ, গঁড়,বন গৰু,হৰিণ,মৰা চৰাই,বান্দৰ আদি জীৱ জন্তুৰ উপৰিও বহু পৰ্যটকৰ দলে বাঘ দেখি আপ্লুত হৈ পৰিছে মানাহত ৷

ৰাষ্ট্ৰীয় উদ্যানখনত এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা কিছু কম যদিও দেশী পৰ্যটকৰ সংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আনকি এতিয়া মে’ মাহলৈও মানাহলৈ পৰ্যটকৰ আগমন ঘটিয়েই আছে। পৰ্যটকৰ আগমনে সুখবৰ কঢ়িয়াই আনিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ৷

Exit mobile version