Aap Press Meet:মেয়ৰ মৃগেন শৰণীয়া নেতৃত্বাধীন বিজেপিৰ পৌৰ নিগমে সম্পূৰ্ণ কৰিলে ব্যৰ্থতাৰ এবছৰ

ব্যৰ্থতাৰ বাবে মৃগেন শৰণীয়াক গুৱাহাটীবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী আপৰ

Aap

Aap Press Meet:

মেয়ৰ মৃগেন শৰণীয়া নেতৃত্বাধীন বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ এবছৰীয়া কাৰ্যকালক “ব্যৰ্থতাৰ এবছৰ’ আখ্যা দিছে আম আদমি পাৰ্টী, অসমে। এই সন্দৰ্ভত আজি গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে কৰ সংগ্ৰহতেই ব্যস্ত থকা মেয়ৰ মৃগেন শৰণীয়াই যোৱা এবছৰীয়া কাৰ্যকালত গুৱাহাটীবাসীক দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰা কাৰণে, গুৱাহাটীবাসীৰ আশা-আকাংক্ষা, অভাৱ, সমস্যা সমাধান কৰিব নোৱাৰা বাবে ক্ষমা খুজিব লাগে।

গুৱাহাটীবাসীৰ প্ৰধান খোৱা পানীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে মৃগেন শৰণীয়া। জি এছ ৰোডৰ বাহিৰে প্ৰায় সকলোবোৰ ৰাস্তা খান্দি দিয়া হৈছে। যাৰ ফলত যাতায়তৰ বাবে গুৱাহাটীৰ বাসিন্দা সকলে সমস্যাত ভুগিছে। সম্পত্তি কৰৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে প্ৰতাৰণা কৰিছে।

শিলসাকোৰ উচ্ছেদিত পৰিয়ালৰ পৰা সম্পত্তি কৰ সংগ্ৰহ কৰিছিল। সম্পত্তি কৰ লোৱাৰ পিছত এই পৰিয়ালসমূহৰ ঘৰ ভাঙি দিয়া হল। অবৈধ বেদখলকাৰী বুলি ঘৰ ভাঙি দিয়া পৰিয়ালসমূহৰ পৰা কৰ কিয় সংগ্ৰহ কৰিছিল। যিহেতু তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে, সেয়ে যদি মূল্যবোধ আছে সংগ্ৰহ কৰা কৰৰ টকা তেওঁলোকক ঘূৰাই দিয়ক।

যোৱা পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে ছুইচ দিলেই গুৱাহাটীবাসীয়ে পানী পাব। এতিয়া এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত কোন কোন অঞ্চলত কিমান লোকক এই সুবিধা প্ৰদান কৰিলে তাৰ তালিকা প্ৰকাশ কৰক। পথৰ গাড়ী এখন ৰাখিলেই পৌৰ নিগমক মাচুল দিব লাগে অথচ যাবতীয় পার্কিং ব্যৱস্থা কৰিব পৰা নাই।

মেয়ৰ মৃগেন শৰণীয়াই কিবা কব খুজিলেই ৰাইজ শংকিত হৈ পৰে আকৌ নতুন কিবা কৰৰ বোজা জাপি দিয়ে নেকি। গুৱাহাটীৰ বানপানী ৰুধিবলৈ ২৫ কোটি টকা খৰচ কৰি চুপাৰ ছাকাৰ আনিলে কিন্তু এতিয়া সেই ছুপাৰ ছাকাৰ চলোৱাৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক দিব বিচাৰিছে।

বিভিন্ন শিতানত কেবা শ কোটি টকা জমা থকা পাছতো উন্নয়নৰ বাবে এটাও কামৰ অৰ্ডাৰ দিব পৰা নাই। সংবাদ মেলত উল্লেখ কৰা অনুসৰি পৌৰ নিগমৰ পানীৰ শিতানত ২৮ কোটি, লোকনিৰ্মাণত ২৩ কোটি, ইলেকট্রিক লাইটৰ শিতানত ৫২ কোটি টকা জমা আছে কিন্তু কামত খৰচ কৰিব পৰা নাই। সেয়ে মৃগেন শৰণীয়া এগৰাকী ব্যৰ্থ মেয়ৰ তেওঁ এই ব্যৰ্থতাৰ বাবে ক্ষমা খোজা উচিত।

আনহাতে, মন্ত্রী অশোক সিংঘালৰ পুত্ৰৰ প্ৰতিষ্ঠান প্রটেক হাউচিঙ কেলেংকাৰীৰ তদন্ত বিচাৰি ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰে আপ অসমে ।

Exit mobile version