Ankita Dutta Case:আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস

Ankita dutta

Ankita Dutta Case:

দিছপুৰ থানাই জাৰি কৰা জাননী অনুসৰি আজি দিছপুৰ থানাত হাজিৰ হ’ব লাগিব যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস।

ইতিপূৰ্বেই এঘাৰ বজাত থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে শ্রী নিবাসক। উল্লেখ্য যে,শ্ৰী নিবাসৰ বাংগালোৰস্থ বাসগৃহত গৈ চমন আৰি থৈ আহে গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰ্যায়ৰ বিষয়াই ৷

অংকিতা দত্তৰ শ্ৰী নিবাসৰ বিৰুদ্ধে নিযার্তনৰ গোচৰ তৰিছিল দিছপুৰ থানাত ৷এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছিল খৰতকীয়া তদন্ত ৷ এই তদন্ত অনুসৰি শ্রী নিবাস আজি থানাত হাজিৰ হ’লে জেৰা চলাব আৰক্ষীয়ে ৷ স্মতৰ্ৱ্য যে, অসম আৰক্ষীয়ে ইতিপূৰ্বে শ্ৰী নিবাসক পলাতক ঘোষণা কৰিছিল ৷

মনকৰিবলগীয়া যে,অংকিতা দত্তৰ দিছপুৰ থানাত দিয়া গোচৰ খাৰিজ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰীনিৱাসে জনোৱা আবেদনৰ ওপৰত ২৬ এপ্ৰিলত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি কোনো সকাহ নিদিলে শ্ৰীনিৱাসক ৷

ন্যায়াধীশ অজিত বৰঠাকুৰ এজনীয়া বিচাৰপীঠে চাৰিঘন্টা জোৰা শুনানি গ্ৰহণ কৰি আৰক্ষীক দুই মে’ত কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ দিছিল৷

দুই মে’ত আৰক্ষীয়ে দাখিল কৰা কেচ ডায়েৰীৰ ওপৰত ভিত্তি কৰিয়েই আদালতে অন্তৰ্ৱতীকালীন জামিনৰ শুনানি গ্ৰহণ কৰিব আৰু সেই দিনাই শ্ৰীনিৱাসৰ অন্তৰ্ৱতীকালীন জামিনৰ ওপৰত ৰায়দান দিব ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে ৷

উল্লেখ্য যে, যুৱ কংগ্ৰেছৰ ৰাষ্ট্রীয় সভাপতি গৰাকী তথা যুৱ কংগ্ৰেছৰ অসমৰ তত্ববধায়ক বৰ্ধন যাদৱৰ বিৰুদ্ধে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ অভিযোগ সম্বলিত এখন এজাহাৰ অংকিতা দত্তই ২০ এপ্ৰিলত দিছপুৰ থানাত দাখিল কৰিছিল ।
দিছপুৰ থানাই শেহতীয়াকৈ এখন চমন জাৰি কৰি দুই মে’ত থানাত হাজিৰ হ’বলৈ নিৰ্দেশনা দিছিল শ্ৰী নিৱাসক ৷

আনহাতে আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত নিৰাপদ দূৰত অৱস্থান কৰা শ্ৰী নিৱাসে অৱশেষত কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ কিন্তু ন্যায়ালয়ে সকাহ নিদিলে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীক ৷

Exit mobile version