Bhupen Hasnu Quits BJP :কাৰ্বি পাহাৰত পদত্যাগৰ জোৱাৰ !

জয় ৰাম ইংলেঙৰ পাচত বিজেপি ত্যাগ ভূপেন হাচনুৰ

bhupen

Bhupen Hasnu Quits BJP :

কাৰ্বি পাহাৰত ইজনৰ পাছত সিজনকৈ বিজেপি নেতাই দলত্যাগ কৰিছে ৷ সোমবাৰে জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা হাউৰাঘাটৰ বিজেপিৰ প্ৰাক্তন বিধায়ক জয়ৰাম ইংলেঙে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগৰ পাছত মঙলবাৰে আৰ এজন বিজেপি নেতাই দল এৰে ৷

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাচনুৱে আজি বিজেপি দলৰ পৰা পদত্যাগ কৰে ৷

কাৰ্বি আংলংৰ দুজনকৈ প্ৰভাৱশালী বিজেপি নেতাই দলত্যাগ ৰাজ্যিক বিজেপিৰ বাবে মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি হাউৰাঘাটৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে পাঁচ মে’ত ডিফুত কংগ্ৰেছৰ এখন সভাত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিব ৷

Exit mobile version