Titabar Fire :ৰাজপথত ভয়ংকৰ ঘটনা !

হঠাতে ৰাজপথত দাওদাওকৈ জ্বলি উঠিল চলন্ত যাত্ৰীবাহী মেজিক,কথমপি প্ৰাণৰক্ষা চালক সহ যাত্ৰী

Titabar Fire

Titabar Fire :

সদাব্যস্ত ৰাজপথত ভয়ংকৰ অঘটন ৷ হঠাতে যাত্ৰীবাহী মেজিক দাওদাওকৈ জ্বলি উঠিল ৷ এই ঘটনা সংঘটিত হয় তিতাবৰত

বৰহোলাৰ পৰা তিতাবৰ অভিমুখে আহি থকা এখন যাত্ৰীবাহী মেজিক ৰজাবাহৰ সোনাৰিকুৰি নামঘৰৰ সমীপত পথৰ ওপৰতে দপদপকৈ জ্বলি উঠে ৷

অগ্নিকাণ্ডৰ সূত্ৰপাত হওতেই চালক সহ যাত্ৰী সকল মেজিক খনৰ পৰা ওলাই আহি সৌভাগ্যক্ৰমে ৰক্ষা পৰে ৷ বিধ্বংসী জুয়ে বাহন খন সম্পূৰ্ণকৈ চানি ধৰে ৷ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় মেজিক খন ৷

এএছ ০৩-এচি ৮০৯৫ নম্বৰ মেজিক খনৰ বেটাৰীৰ চৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ আনহাতে অগ্নিকাণ্ডৰ খবৰ পায় ঘটনাস্থলীত অগ্নি নিৰ্বাপকৰ বাহন উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷

Exit mobile version