Assam Direct Recruitment Result Out :ঘোষণা হ’ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

bhutani

Assam Direct Recruitment Result Out :

সকলো উৎকণ্ঠা অন্ত পেলাই আজি ৰাজ্য চৰকাৰে ঘোষণা কৰিলে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

ফলাফল সন্দৰ্ভত নিযুক্তি আয়োগৰ অধ্যক্ষ তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানীয়ে সংবাদমেল সম্বোধন কৰে ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ১২,৫১০ টা পদৰ বিপৰীতে ১১,৩২৪ গৰা প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে ৷

স্নাতক পদৰ বাবে ৭,৪১৪টা পদত বাছনি। ৩,৪০৮ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৭২৬ গৰাকী অবিচি, ৪৮০ গৰাকী এছ চি, ৭৫১জন এছ টি(ভৈয়াম)ৰ, ৬৮৩জন ই ডব্লিউ এছEWS, ২৪৪ গৰাকী পি ডব্লিউ বিডি , ১২২জন এক্স ছাৰ্ভিছমেন আৰু ১,৭৮৩জন আৰ এফ পদত বাছনি কৰিছে নিযুক্তি আয়োগে

আয়োগৰ অধ্যক্ষ ভূটানীয়ে সংবাদমেলত কয় যে,প্ৰাৰ্থী সকলে দিনৰ দুই বজাৰ পৰা Application নম্বৰ আৰু Password দি নিম্নোক্ত ৱেবছাইটত ফলাফল যাব পাৰিব ৷ www.sebaonline.org আৰু uttps://assam.gov.in

সংবাদমেলত নিযুক্তি আয়োগৰ সদস্য তথা জ্যেষ্ঠ আই এ এছ বিষয়া পবিত্ৰৰাম খাউণ্ড,কবিতা পদ্মনাথন,ড:মনোজ চৌধুৰী উপস্থিত থাকে ৷

Exit mobile version