World Press Freedom Day In Guwahati:জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ উদ্যোগত মহানগৰীত বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস উদযাপন

jua main

World Press Freedom Day In Guwahati :

১৯৯৩ চনত আৰম্ভ হোৱা বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস আজি দিনটোতেই পালন কৰি অহা হয় বিশ্বজুৰি। সমগ্ৰ দেশৰ লগতে মহানগৰীটো ৰাজ্যৰ অগ্ৰণী সাংবাদিক সংগঠন ‘জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামে বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস উপলক্ষ্যত এখন আলোচনা চক্ৰৰ আয়োজন কৰে ৷

দিছপুৰস্থ অগ্ৰদূত ভৱনৰ সভাগৃহত আয়োজিত আলোচনা চক্ৰ খনিত মুখ্য আলোচক ৰপে অংশগ্ৰহণ কৰে ‘ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন’ৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰৱীণ সাংবাদিক গীতাৰ্থ পাঠক ,দৈনিক অগ্ৰদূত ‘ৰ সম্পাদক প্ৰাঞ্জলসেন ডেকা, বিশিষ্ট নিৱদ্ধকাৰ – সমাজকৰ্মী গোপাল জালানে ৷

জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ সভানেত্ৰী চেমিম চুলতানা আহমেদে আঁত ধৰা আলোচনা চক্ৰ খনিত মহানগৰীৰ দুখনকৈ আগশাৰীৰ সাংবাদিক আৰু গণ সংযোগ শিক্ষানুষ্ঠান ইন্সটিটিউট অৱ মাছ কমিউনিকেশ্যনছ এণ্ড মিডিয়া ষ্টাডিছ গুৱাহাটী আৰু টাৰ্নিং পইন্টৰ শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰি আলোচকৰ স’তে সাংবাদিকৰ স্বতন্ত্ৰতা আৰু অধিকাৰ সন্দৰ্ভত মতবিনিময় কৰে ৷

অনুষ্ঠানত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ গুৱাহাটী মহানগৰ কমিটিৰ সভাপতি পলাশ ৰঞ্জন দাস, সম্পাদক কল্লোল শইকীয়া ,জুৱাৰ ৰাজ্যিক সহ:সম্পাদক কেশৱ বৰুৱা ,ইন্সটিটিউট অৱ মাছ কমিউনিকেশ্যনছ এণ্ড মিডিয়া ষ্টাডিছ গুৱাহাটীৰ অধ্যক্ষ মুন তালুকদাৰ,যুৱ সাংবাদিক নিৰেণ মালী,হালিমা বেগম আৰু সংগীতা শইকীয়া, সহ বহু কেই গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version