Helicopter Crash In Jammu- Kashmir:জম্মু-কাশ্মীৰত হেলিকপ্টাৰ দুৰ্ঘটনা !

গুৰুত্বৰভাৱে আহত হেলিকপ্তাৰখনৰ দুজন ক্ৰুৰ সদস্য

helicopter Crash

Helicopter Crash In Jammu- Kashmir:

পুনৰ সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰৰ সংঘটিত হয় হেলিকপ্টাৰ দুৰ্ঘটনা ৷কিষ্টৱাহ জিলাৰ মাগাৱাহ অঞ্চলত দুৰ্ঘটনাত পতিত হয় সেনাৰ হেলিকপ্তাৰখন ৷ দুৰ্ঘটাটোত হেলিকপ্তাৰখনৰ দুজন ক্ৰুৰ সদস্য গুৰুত্বভাৱে আহত হয় ৷

প্ৰাপ্ত খবৰ মতে, সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰখনে আজি পুৱাই নিয়মীয়া অনুশীলনৰ বাবে আকাশলৈ উৰা মৰাৰ পাছতে কিছু দূৰত মাজ আকাশতে হঠাতে দুৰ্ঘটনাগ্ৰস্ত হৈ পৰে এটা জলাশয়ত  ৷ সেই সময়ত হেলিকপ্তাৰখনত আছিল তিনিজন সেনা জোৱান ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত সেনাৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখন জলাশয়টোৰ পৰা উদ্ধাৰ কৰি আহত সেনা জোৱান কেইজনক ততাতৈয়াকৈ সেনা হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে দুৰ্ঘটনাটোৰ সন্দৰ্ভত সেনাৰ উৰ্ধতম কৰ্তৃপক্ষই ঘোষণা কৰিছে তদন্ত ৷ উল্লেখ্য যে, যোৱাবৰ্ষৰ মাজভাগত অৰুণাচল প্ৰদেশৰ তিনি স্থানত সেনাৰ তিনিখনকৈ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ হতাহত হৈছিল পাইলট সহ সেনা বিষয়া ৷

Exit mobile version