O C Kulendra Hujari Of Sivasagar Police Station Suspended:শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুলেন্দ্ৰ হুজৰীক নিলম্বন

শৃংখল চলিহাৰ গোচৰ সন্দৰ্ভত নিলম্বন অ'চি হুজৰীক

sivsagar oc

O C Kulendra Hujari Of Sivasagar Police Station Suspended:

শিৱসাগৰ সদৰ থানাৰ অ’চি কুলেন্দ্ৰ হুজৰীক নিলম্বন ৷ লাচিত সেনাৰ নেতা শৃংখল চলিহাই গ্ৰেপ্তাৰৰ পাছতেই জামিন লাভ কৰা বাবেই নিলম্বন কৰা হয় কুলেন্দ্ৰ হুজৰীক ৷

উল্লেখ্য যে,সততে বিৰ্তকৰ মাজত থকা বহু বিৰ্তকিত বীৰ লাচিত সেনাৰ জ্যেষ্ঠ নেতা শৃংখল চলিহাক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছিল মঙলবাৰে ৷

চলিহাৰ বিৰুদ্ধে বিহু চান্দাৰ নামত ব্যৱসায়ীক হাৰাশাস্তিৰ অভিযোগ। আনকি ব্যৱসায়ী অংকুশ কেডিয়াৰ মুখলৈ থু নিক্ষেপ কৰাৰো অভিযোগ উদ্থাপিত হৈছিল ।

ইতিমধ্যে এই দৃশ্য সামাজিক মাধ্যমক ভাইৰেল হোৱাৰ লগতে চি চি টিভিতো বন্দী হৈছিল সেই দৃশ্য ৷
ব্যৱসায়ী অংকুশ কেডিয়াই শিৱসাগৰ সদৰ থানাত শৃংখলৰ বিৰুদ্ধে গোচৰ দিছিল ৷

সেইদিনাই শিৱসাগৰ জিলা উপ – আৰক্ষী অধীক্ষক ডেইজী গগৈৰ নেতৃত্বত যোৱা আৰক্ষী দল এটাই নিজৰ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে বহু বিৰ্তকিত শৃংখল চলিহাক।

আনকি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটযোগে এই কথা প্ৰকাশ কৰিছিল ৷ কিন্তু আদালতত ধৃত নেতা গৰাকীক আদালতত দাখিল কৰাৰ পাছতেই জামিন লাভ কৰে ৷ কিন্তু বুধবাৰে জামিনত মুকলি হৈ থানাৰ পৰা ওলাই আহোতেই আৰক্ষীয়ে এন এছ এ এক্টৰ অধীনত পুনৰ গ্ৰেপ্তাৰ কৰে ৷

Exit mobile version