Torrential Rains In Delhi :উৎকট গৰমৰ মাজতে দিল্লীবাসীলৈ সাময়িক সকাহ

পহিলা মে' পৰাই ৰাজধানী চহৰখনত অব্যাহত মুষলধাৰ বৰষুণ, বৃহস্পতিবাৰে দিনতে কুঁৱলী সদৃশ পৰিবেশ

delhi rain1

Torrential Rains In Delhi :

দেশৰ ৰাজধানী চহৰ দিল্লীবাসীক যোৱা এপ্ৰিল মাহটোত ৰেকৰ্ড সংখ্যক উৎকট গৰমে জ্বলাকলা খুৱাই থকা মাজতে পহিলা মে’ৰ পৰা আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ

মুষলধাৰ বৰষুণৰ ফলত জনজীৱন একপ্ৰকাৰ ব্যাহত হৈ পৰে ৷ বুধবাৰ আৰু বৃহস্পতিবাৰে দিনতে এন্ধাৰ সদৃশ পৰিবেশ সৃষ্টি হয় ৷ কুঁৱলী আশ্বাদনে ঢাকি পেলাই সমগ্ৰ দিল্লী ৷

দ্ৰতগতিত হ্ৰাস পায় তাপমাত্ৰা ৷ নেৰানেপেৰা বৰষুণৰ ফলত দিল্লীৰ বহুলোক বাসগৃহতে আবদ্ধ হৈ পৰে ৷ যোৱা চাৰি দিনধৰি ৰাজধানীৰ তাপমাত্ৰা ৩০ ডিগ্ৰীৰ তলত আছে ।

বতৰ বিশেষজ্ঞসকলৰ মতে এয়া হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু ইয়াক প্ৰকৃতিৰ সতৰ্কবাণী হিচাপে গণ্য কৰিব পাৰি।বৃহস্পতিবাৰে ৰাজধানীত ৰাতিপুৱা ৰ’দ আছিল। এই ৰূপ দেখি মানুহে ভবা নাছিল যে আজি বৰষুণ হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে ৰাতিপুৱা হালধীয়া সতৰ্কবাণী জাৰি কৰিছিল। ১২ বজাৰ পিছত বতৰ সলনি হ’বলৈ ধৰিলে। ইয়াৰ পিছত এই সতৰ্কবাণী অৰেঞ্জলৈ সলনি কৰা হৈছিল।

দুপৰীয়া প্ৰায় এক বজাত ডাঠ ক’লা ডাৱৰে চহৰখন আগুৰি ধৰিছিল আৰু ৰাজধানীৰ কেইবাটাও অংশত বৰষুণ দিয়ে হ। বৰষুণৰ বাবে মানুহে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

বতৰ বিজ্ঞান বিভাগৰ মতে বুধবাৰে পুৱা ৮-৩০ বজাৰ পৰা সন্ধিয়া ৫-৩০ বজালৈ দিল্লীত (চফদৰজং) ২০.৯মিমি বৰষুণ হৈছিল। ইয়াৰ উপৰিওপালমত১১.৮ মিমি, লোধি ৰোডত ২৪.৬ মিমি, ৰিজ ১৪.৬ মিমি, আয়া নগৰত ১৩ .৮ মিমি, গুৰুগ্ৰাম১৪ মিমি, জাফৰপুৰত 0.৫ মিমি, মংগেশপুৰত ৩১.৫ মিমি, নাৰেলাত ৯.৫ মিমি, পুচা ১৫.৫ মিমি, বিহাৰ ৮ মিমি বৰষুণ হৈছিল।

সৰ্বাধিক তাপমাত্ৰা ৩০.৬ ডিগ্ৰী চেলচিয়াছত ৰেকৰ্ড কৰা হৈছিল। ই স্বাভাৱিকতকৈ ৯ ডিগ্ৰী কম। সৰ্বনিম্ন তাপমাত্ৰা ২০.১ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল৷ যি ঋতুৰ গড়তকৈ পাঁচ গুণ কম। বৃহস্পতিবাৰে আবেলি পৰ্যন্ত ডাৱৰীয়া হৈ আছে যদিও কেতবোৰ অঞ্চলত বৰষুণ অব্যাহত আছে। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে নিম্নতম ১৭ ডিগ্ৰী।

আনহাতে দিল্লীৰ বতৰ বিজ্ঞান বিভাগৰ মতে শুক্ৰবাৰে বতৰ শুকান হৈ থাকিব । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৩ ডিগ্ৰী চেলচিয়াছ হোৱাৰ সম্ভাৱনা আছে আনহাতে নিম্নতম ১৮ ডিগ্ৰী হ’ব। ইয়াৰ পিছত ছয় আৰু সাত মে’ত পুনৰ ৰাজধানীত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

এই সময়ছোৱাত সৰ্বাধিক তাপমাত্ৰা ৩৪ ৰ পৰা ৩৫ ডিগ্ৰীৰ ভিতৰত হ’ব পাৰে। নিম্নতম তাপমাত্ৰা ২০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকাৰ সম্ভাৱনা আছে ।

পৰৱৰ্তী আঠ আৰু ন মে’ত বতৰ শুকান হৈ থাকিব । আকাশ পৰিষ্কাৰ হ’ব। সূৰ্য উদয় হ’ব। সৰ্বাধিক তাপমাত্ৰা ৩৫-৩৬ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আনহাতে নিম্নতম তাপমাত্ৰা প্ৰায় ২১ ডিগ্ৰী চেলচিয়াছ হ’ব।

আনহাতে স্কাইমেটৰ মতে, প্ৰাক-মৌচুমী ঋতুত এইবাৰ বৰষুণ আৰু ঠাণ্ডা বতাহ আছে । এই সময়ছোৱাত এক বা দুটা স্থানত বৰষুণ হ’ব পাৰে । কেৱল আঠ মে’ৰ পিছত বতৰ পৰিষ্কাৰ হ’ব ৷

Exit mobile version