Baihata Manasa Puja Golden Jubilee:বাইহাটা বামাগাঁৱত সোনালী জয়ন্তী বৰ্ষ মনসা পূজা

MANASHA PUJA

Baihata Manasa Puja Golden Jubilee:

হিন্দু মুছলমানৰ সমন্বয়ৰস্থলী বাইহাটা চাৰিআলিৰ এখনি মনসা পূজা । সুদীৰ্ঘ ৫১ বছৰে হিন্দু -মুছলমানে মিলি অনুষ্ঠিত কৰি আহিছে এই মনসা পূজা ।

বাইহাটা চাৰিআলিৰ বামা গাঁৱত  অনুষ্ঠিত হয় সোনালী জয়ন্তী বৰ্ষৰ এই পূজা খনি । এই মনসা পূজা খনি প্ৰতি বছৰে বহাগ মাহৰ ২০ তাৰিখৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে অঞ্চলটোৰ ৰাইজে ।

পূজা উপলক্ষে অঞ্চলটোৰ ৰাইজে মা মনসা দেবীলৈ আগবঢ়ায় ছাগলী , হাঁহ , পাৰ , কোমোৰা , কণী আদি । ছাগলী, হাঁহ , পাৰ, আদি দেবীলৈ আগবঢ়োৱাৰ ফলত মনোকামনা সিদ্ধি হয় বুলি লোক বিশ্বাস অঞ্চলটোৰ ৰাইজৰ মাজত ।

Exit mobile version