Bishua Celebrated in Gurufela :গুৰুফেলা আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত প্ৰথম বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন

bishuba UTSAV

Bishua Celebrated in Gurufela :

ADVERTISEMENT

শনিবাৰে কোকৰাঝাৰ জিলাৰ গুৰুফেলাৰ ১ নং হাতীগডত গুৰুফেলা আঞ্চলিক বিষুৱা উদযাপন সমিতিৰ উদ্যোগত আৰু গুৰুফেলা আঞ্চলিক আক্ৰাছু, সন্মিলনৰ লগতে গুৰুফেলাবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক বিষুৱা উৎসৱ উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত প্ৰথম দিনৰ ৰাতিপুৱাৰ কাৰ্যসূচী অনুসৰি শুৱছনি পূজা, পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ বন্তিপ্ৰজ্বলন,চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ লগতে বৃক্ষৰোপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিষুৱা উদযাপন সমিতিৰ সভাপতি গোপাল চন্দ্র ৰায়, সম্পাদক ৰাম কুমাৰ ৰায়, আক্ৰাছুৰ পশ্চিম কোকৰাঝাৰ জিলাৰ সম্পাদক নিল কুমাৰ ৰায়, ১ নং হাতীগডৰ গাওঁবুঢ়া বৃন্দাবন ৰায়, ১ নং পানবাৰীৰ গাওঁবুঢ়া জগদীশ ৰায়, গুৰুফেলা আঞ্চলিক আক্ৰাছুৰ বিষয়ববীয়াৰ লগতে  বিশিষ্ট ব্যাক্তিসকল ।

Exit mobile version