Fraudster Arrested In Khetri :মুখ্যমন্ত্ৰীৰ নামত নিউজ চেনেল খোলাৰ অচিলাৰে প্ৰৱঞ্চনা

প্ৰৱঞ্চক কুশল গোস্বামী দিছপুৰ আৰক্ষীৰ জালত

ghy BOY

Fraudster Arrested In Khetri :

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ এই বাক্যশাৰী প্ৰযোজ্য হ’ল এজন যুৱকৰ ক্ষেত্ৰত ৷ সততে বিভিন্নজনক নানান প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰি অহা কুশল গোস্বামী ওৰফে কৌশিক গোস্বামী অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰে ৷

ক্ষেত্ৰীৰ মালৈবাৰীৰ ঘৰৰ পৰা মহাপ্ৰৱঞ্চক জনক দিছপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷
উদ্থাপিত অভিযোগ অনুসৰি কুশল গোস্বামীয়ে নিউজ চেনেল খোলাৰ নামত বহুজনৰ পৰা নানান সামগ্ৰী আৰু নগদ ধন সংগ্ৰহ কৰিছিল।

প্ৰৱঞ্চনাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে এজন লোকক। ধৃত লোকজনৰ নাম কুশল গোস্বামী। ক্ষেত্ৰীৰ মালৈবাৰীৰ ঘৰৰ পৰা আটক কৰা হৈছে কুশল গোস্বামীক। নিউজ চেনেল খুলিম বুলি লোকজনে বিভিন্নজনৰ পৰা সামগ্ৰী, নগদ ধন লোৱাৰ অভিযোগ।

 চেনেল খোলাৰ নামত কেইবাটাও প্ৰতিষ্ঠানৰ বৈদ্যুতিন সামগ্ৰী,কম্পিউটাৰ,লেপটপ সহ বহু সামগ্ৰী ক্ৰয় কৰি ধন উভতাই নিদিয়াৰ অভিযোগ উঠিছে ৷ যাৰবাবে যুৱকজনৰ ওচৰলৈ ধন বিচাৰি গ’লে ওলোতাই ভাবুকি দিয়াৰ অভিযোগ কৰি কে’বাজনো ভুক্তভোগীয়ে দিছপুৰ থানাত গোচৰ তৰিছিল৷

আনকি যুৱকজনে মুখ্যমন্ত্ৰীৰ নাম লৈ এইছ বি এছ নামৰ চেনেল এটা খোলাৰ বাবে বিভিন্ন জনক চেনেলত চাকৰি দিম বুলি প্ৰৱঞ্চনা কৰিছিল ভিন্নজনক৷

এনে একাধিক গোচৰৰ ভিত্তিত শনিবাৰে পুৱাই কুশল গোস্বামীক ক্ষেত্ৰী বাসগৃহ পৰা আটক কৰে মহানগৰ আৰক্ষীয়ে উল্লেখ্য যে,যুৱকজনক দিছপুৰ থানাত হাজিৰ হ’বলৈ বহুবাৰ ফোন কৰা হৈছিল যদিও ওলোতাই আৰক্ষীক আৰক্ষী আয়ুক্তৰ কথা কৈ আৰক্ষীক হে ধমক দিছিল ৷
অৱশেষত মহাপ্ৰৱঞ্চক কুশল গোস্বামী ওৰফে কৌশিক গোস্বামী আৰক্ষী জালত পৰে ৷

Exit mobile version