Gahpur Rape Case:গহপুৰত নিশা জঘন্য ঘটনা

ঘৰৰ পদূলিৰ পৰা যুৱতীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ,পাঁচ পাষণ্ডক গ্ৰেপ্তাৰ

Gahpur Rape Case

Gahpur Rape Case:

ৰাজ্যত দিনক দিনক বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা ৷ ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে নানান অপৰাধজনিত কাৰ্যকলাপ ৷

গহপুৰত শুক্ৰবাৰে নিশা চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড ৷ হাৱাজানৰ এগৰাকী বিশ বছৰীয়া যুৱতীক নিজ ঘৰৰ পদূলিৰ পৰাই দুৰ্বৃত্তই উঠাই লৈ যায় ৷

এখন বাহনত যুৱতী গৰাকীক উঠাই বাহনৰ ভিতৰতে ধৰ্ষণ কাৰ্য সংঘটিত কৰে৷ আনকি গাড়ীৰ ভিতৰতে কুকৰ্ম কৰি ভিডিঅ ৰেকডিং কৰাৰ অভিযোগ কৰে ভুক্তভোগী যুৱতী গৰাকীয়ে।

নিশাই যুৱতী গৰাকীয়ে হাৱাজান আৰক্ষী চকীত ধৰ্ষণ কাণ্ড সংঘটিত হোৱা সন্দৰ্ভত এজাহাৰ দিয়ে ৷ আৰক্ষীয়ে নিশাই অভিযান চলাই পাঁচ পাষণ্ডক আটক কৰিবলৈ সক্ষম হয় ৷

ধৃত পাষণ্ড কেইটা হ’ল বিপুল বসুমতাৰী,পোৰানচান্দ গৌৰা বসুমতাৰী,চোহেন বসুমতাৰী,বিজয় মুছাহাৰী ৷ আনহাতে আৰক্ষীয়ে পাষণ্ড কেইটাই ব্যৱহাৰ কৰা বাহন খনো জব্দ কৰিছে ৷

Exit mobile version