Deadbody Recovered In Nagaon:নগাঁৱৰ মাজৰআটিৰ কলং নৈত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ

seadbody recovered

Deadbody Recovered In Nagaon:

নগাঁও চহৰৰ পাশ্বৰ্ৱতী মাজৰআটিৰ কলং নৈত উদ্ধাৰ মহিলাৰ মৃতদেহ অৰ্ধগলিত অৱস্থাত থকা মৃতদেহটো মাজৰআটিৰ মাকণ দেৱী নামৰ এগৰাকী সত্তৰ উৰ্ধৰ মহিলাৰ বুলি চিনাক্ত কৰিছে আৰক্ষী।

উল্লেখ্য যে তিনিদিন পূৰ্বে প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ সন্ধানহীন হৈ আছিল বৃদ্ধাগৰাকী। এইয়া আত্মহত্যা নে হত্যা ইয়াকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

ইতিমধ্যে হয়বৰগাঁও আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

Exit mobile version