Police Recruitment Test Result:ঘোষণা হ’ল আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

১১ মে’ত আনুষ্ঠানিকভাৱে খানাপাৰাত হ’ব নিযুক্তি পত্ৰ

dgp pressmeet

Police Recruitment Test Result:

আজি ঘোষণা হ’ল গৃহ, আবকাৰী, বন বিভাগৰ পৰীক্ষাৰ ফলাফল ৷ ৫৭৩৯টা পদৰ ফলাফল ঘোষণা কৰা হয় । দিনৰ এঘাৰ বজাত সংবাদমেলযোগে ফলাফল ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে ৷

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ডি জি পি গৰাকীয়ে ৫,৭৩০টা পদৰ ভিতৰত মুঠ ৫,৪২১জনক নিৰ্বাচন কৰা হৈছে বুলি সদৰি কৰে ৷ আনহাতে যোগ্য প্ৰাৰ্থীৰ অভাৱত ৩০৯টা পদ খালী থাকিল বুলি উল্লেখ কৰে সিঙে৷

দিনৰ ১২ বজাৰ পিছত https://slprbassam.in/ আৰু https://police.assam.gov.in/ ৱেবচাইটত উপলব্ধ হয় ফলাফল সমূহ ৷

উল্লেখ্য যে, নিযুক্তি লাভ প্ৰাৰ্থী সকলক ১১ মে’ত মহানগৰীৰ খানাপাৰাত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ দিয়া হ’ব বুলি প্ৰকাশ কৰে ডি জি পি গৰাকীয়ে ৷

Exit mobile version