Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

চৰকাৰে বিদ্যালয় সমুহত যোগান ধৰা টেবলেট ওভতাই দিব শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে, শালবাৰীৰ সাউদৰভিঠাত এক সংবাদমেলযোগে এই ঘোষণা শিক্ষক সন্মিলনীৰ

sabari

Teacher Association Pressmeet :

অসমৰ প্ৰাথমিক বিদ্যালয় সমুহত শিক্ষা বিভাগে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাকে ধৰি কেবাটাও দাবীৰ প্ৰতিশ্ৰুতি আজি পৰ্য্যন্ত পালন নকৰাৰ প্ৰতিবাদত বাগ্‌সাৰ শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক সংবাদমেল যোগে ৰাজ্য চৰকাৰে বিদ্যালয় সমুহত যোগান ধৰা টেবলেট সমুহ ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

বাগ্‌সাৰ শালবাৰীৰ সাউদৰভিঠাত অনুষ্ঠিত হোৱা সংবাদমেলখনৰ জৰিয়তে অহা ২২ মে’ত শালবাৰী মহকুমাৰ অধীনস্থ জালাহ আৰু গোৱৰ্ধনা শিক্ষাখণ্ডৰ অধীনস্থ প্ৰতিখন প্ৰাথমিক বিদ্যালয়কে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত টেবলেটসমুহ ওভতাই দিবলৈ আহ্বান জনাইছে ৷

সংবাদমেলখন সম্বোধন কৰি শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জামাল উদ্দিন আহমেদে কয়,আমি চৰকাৰী শিক্ষক৷চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিবই লাগিব ৷ আমি পালন কৰি আহিছিলোঁ ৷ কিন্তু বিদ্যালয় এখনত যদি প্ৰধান শিক্ষকেই নাই তেন্তে সেই বিদ্যালয়খন কেনেকৈ চলিব ৷

গৰাকীবিহীন পৰিয়াল এটা কেনেকৈ চলি ব৷ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা এতিয়া গৰাকীবিহীন পৰিয়ালৰ দৰেই৷চৰকাৰে ইমানদিন যিমান নিৰ্দেশ জাৰি কৰি আহিছে আমি সকলো নিৰ্দেশ পালন কৰি আহিছোঁ ৷ কিন্তু আমি এতিয়া অধৈৰ্য্য হৈ গৈছোঁ৷চৰকাৰে বাৰে বাৰে আমাৰ লগত প্ৰতাৰণা কৰি আহিছে ৷

যাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ শিক্ষাসেতুৰ দৰে জটিল কামৰ আমি সহকাৰী জ্যেষ্ঠ প্ৰধান শিক্ষক হিচাপে দ্বায়িত্ব ল’ব নোৱাৰিম,যাৰবাবে আমি টেবলেটবোৰ ঘুৰাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ ৷

তেওঁ কয়,যোৱা বৰ্ষতো ৰিম্‌ছ বুলি চৰকাৰে এটা এপ খুলি তাত ব্যক্তিগত তথ্য ভৰাবলৈ জোৰ দিছিল৷তাতো আমি অমান্তি হৈছিলোঁ এইকাৰণে যে আমি শিক্ষক সকলে নিজৰ ভোটাৰ কাৰ্ড,পানকাৰ্ড আদিৰ তথ্য দিলে হয়টো ভৱিষ্যতে কিবা অসুবিধাৰ সমুখীন হ’বলগীয়া হ’ব পাৰে ৷

যিটো বিষয় এতিয়াও আদালতৰ বিচৰাধীন হৈ আছে ৷ একেদৰে টেবলেটৰ ক্ষেত্ৰতো চৰকাৰে একে অৱস্থাই সৃষ্টি কৰিছে৷টেবলেট দিছে ঠিকেই কিন্তু টেবলেটৰ বাবে প্ৰয়োজনীয় যি চিম কাৰ্ড সেয়া বনাবলৈ নিৰ্দেশ দিয়া হৈছে বিদ্যালয় প্ৰধান সকলক ৷

য’ত চিম বনাবলৈ হ’লে বিদ্যালয় প্ৰধান সকলৰ ব্যক্তিগত তথ্যপাতি জমা দিব লাগিব৷গতিকে ইয়াৰ বিপৰীতে চৰকাৰে আমাক অৰ্থাৎ বিদ্যালয় সমুহক নিজাকৈ চিম বনাই দিব লাগে ৷

শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰমেন কুমাৰ দাস,বিটিএডিৰ সাংগঠনিক সম্পাদক ৰাধাকান্ত তালুকদাৰ,এচাহাক আলী,লীলা বসুমতাৰী আদিয়েও সংবাদমেল সম্বোধন কৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ চৰ্ত,প্ৰতিশ্ৰুতিক ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে অহা ২২ মে’ত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰে টেবলেট সমুহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰক ওভতাই দিবলৈ আহ্বান জনায়৷

Exit mobile version