CM Himanta Biswa Sarma : ৰাজ্যত বহুবিবাহ নিষিদ্ধকৰণৰ বাবে চৰকাৰে কঠোৰ আইন আনিব:মুখ্যমন্ত্ৰীৰ ঘোষণা

cm pressmeet

CM Himanta Biswa Sarma :

বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব মাৰাথন অভিযান। গ্ৰেপ্তাৰ কৰা হ’ব বাল্য বিবাহ কৰা অবৈধ স্বামীক। পূর্বতকৈ তিনি গুণ অধিক গ্ৰেপ্তাৰ হ’ব অবৈধ স্বামী। একেদৰে অসমত বন্ধ হ’ব বহু বিবাহ

এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ৰাজ্য চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মঙলবাৰে কইনাধৰা ৰাজ্যিক অতিথি শালাত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, অসমত বহুবিবাহ বন্ধৰ বাবে আইন অনাৰ পূৰ্বে বিশেষজ্ঞ কমিটী গঠনৰ পোষকতা কৰে।

তেওঁ কয়,বাল্য বিবাহৰ সময়ত বহু বিবাহৰ ঘটনা পোহৰলৈ আহিছে। মধ্য অসমৰ হোজাই, যমুনামুখ, আৰু বৰাক উপত্যকাত বহু বিবাহৰ ঘটনা বহু বেছি।

সাংবাদিকৰে সৈতে মত বিনিময়ৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ উন্নয়নৰ দিশত চৰকাৰখনে বিগত দিনত কৰি অহা কামৰ থূলমূল আভাস দাঙি ধৰাৰ লগতে বহু বিবাহক সন্দৰ্ভত চৰকাৰ অতি কঠোৰ হোৱাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে উচ্ছেদ সন্দৰ্ভত কয় যে উচ্ছেদ প্ৰতিটো মাহতে চলি আছে আৰু অবিৰাম গতিত চলি থাকিব।
আনহাতে মুখ্যমন্ত্ৰীয়ে ২০২৩ ৰ ভিতৰত ৰাজ্যৰ প্ৰত্যেক জিলাৰ পৰা AFSPA আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি মন্তব্য কৰে ৷

অৰুনোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ১৪০০ টকালৈ বৃদ্ধি কৰা হ’ব অৰুনোদয়ৰ ধন ৷ ইয়াৰ ফলত ৰাজ্যৰ ২৭ লাখ হিতাধিকাৰী উপকৃত হ’ব ৷

শিক্ষা খণ্ডৰ সবলীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, অসমত নতুন ৪০ খন মহাবিদ্যালয় স্থাপন কৰা হ’ব ৷ একেদৰে নতুনকৈ স্থাপন হ’ব চাৰিখন সৈনিক স্কুল ৷

চলিতবৰ্ষৰ পৰা আৰম্ভ হ’ব ৰাষ্ট্ৰীয় শিক্ষানীতি ৷ একেদৰে এইবৰ্ষৰ পৰাই স্নাতক পাঠ্যক্ৰম চাৰিবছৰীয়া কৰা হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ৷

Exit mobile version