Guwahati jyotinagar Thief :মহানগৰীৰ বামুনীমৈদামৰ জ্যোতিনগৰৰ চোৰৰ চাফাই অভিযান

বনকৰা মহিলাই লুট কৰিলে গৃহস্থৰ সোনৰ আ- অলংকাৰ

thief in ghy

Guwahati jyotinagar Thief :

গুৱাহাটী স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি মহানগৰীত ইটোৰ পাছত সিটোকৈ নানান অপৰাধজনিত কাৰ্যকলাপ অব্যাহত থকাৰ মাজতে সোমবাৰে নিশা  জ্যোতিনগৰৰ গণেশনগৰ অঞ্চলত এক চুৰি কাণ্ড সংঘটিত হয় ৷ বনকৰা মহিলাই লুটি নিলে ঘৰৰ আ- অলংকাৰ,নগদ ধন সহ আন আন মুল্যৱান সামগ্ৰী ৷

মনজিৎ চৌধুৰী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই চুৰি ঘটনা ৷ মিনাক্ষী কলিতা নামৰ বনকৰা মহিলাগৰাকীৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উদ্থাপিত হয় ৷ আনকি এই চুৰি কাণ্ডৰ সৈতে মহিলা গৰাকীৰ স্বামী নৱজিৎ কলিতাও জড়িত থকাৰ অভিযোগ কৰে মনজিৎ চৌধুৰী নামৰ ব্যক্তিজনে ৷

উল্লেখ্য যে,মনজিৎ চৌধুৰী নামৰ ব্যক্তিজনৰ ঘৰত কাম কৰা মিনাক্ষী কলিতাই চৌধুৰীৰ ঘৰৰ আ- অলংকাৰ সহ আন সামগ্ৰী চুৰি কৰি জমা ৰাখিছিল বৃন্দাবন তালুকদাৰ নামৰ শিক্ষকজনৰ ঘৰত ৷

ঘটনা সন্দৰ্ভত ,মনজিৎ চৌধুৰীয়ে চান্দমাৰী থানাত গোচৰ তৰা পাছত আৰক্ষীয়ে আজি বৃন্দাবন তালুকদাৰ নামৰ শিক্ষকজনৰ ঘৰত তালাচী চলাই চুৰি হোৱা সামগ্রীসমূহ উদ্ধাৰ কৰে ৷ লগতে এই চুৰি কাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত আটক কৰে মিনাক্ষী কলিতা আৰু তেওঁৰ স্বামী নৱজিৎ কলিতাক ৷

Exit mobile version