Social Worker Siddiqe Rahman Passes Away:মহানগৰীৰ বিশিষ্ট সমাজকৰ্মী চিদ্দিক ৰহমানৰ দেহাৱসান

আজি জানাজা

uncle 1

Social Worker Siddiqe Rahman Passes Away:

 মহানগৰীৰ বিশিষ্ট সমাজকৰ্মী তথা নগৰ আৰু গাওঁ পৰিকল্পনা বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা, এজন অতি সৰবৰহী ব্যক্তি
চিদ্দিক ৰহমানৰ আজি বিয়লি মহানগৰীৰ হায়াট হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান হয়।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। হাতীগাওঁ চাৰিআলি নিবাসী প্ৰয়াত ৰহমান মহানগৰীৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বিশেষকৈ বৃহত্তৰ দিছপুৰ,হাতীগাঁও- সিজুৱাৰী অঞ্চলৰ প্ৰতিটো অনুষ্ঠানৰ আছিল মধ্যমণি।

সদা সক্ৰিয়, পৰোপকাৰী, সহজ-সৰল জীৱন যাপন কৰা ৰহমানে বৃহত্তৰ অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

১৯৩৮ চনত নলবাৰী জিলাৰ বৃহত্তৰ বেলশৰ গাঁওৰ শোলমাৰী ভয়ৰাত জন্মগ্ৰহণ কৰা ছিদ্দিক ৰহমান আছিল প্ৰয়াত চমীৰ আলী আৰু প্ৰয়াত কুঁহি বিবিৰ সুযোগ্য সন্তান। শিক্ষা সাং কৰি তেওঁ অসম চৰকাৰৰ নগৰ আৰু গ্ৰাম্য পৰিকল্পনা বিভাগৰ চাকৰিত যোগদান কৰে আৰু সেই বিভাগৰ পৰাই তেওঁ ২০০০ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। অসম সাহিত্য সভাৰ আজীৱন সভ্য ।

চিদ্দিক ৰহমানে হাতীগাঁও সিজুবাৰী নাগৰিক সমিতিৰ সভাপতি,হাতীগাঁও সিজুবাৰী উন্নয়ন সমিতিৰ সভাপতি, হাতীগাঁও চাৰিআলি জামে মছজিদ পৰিচালনা সমিতিৰ সভাপতি,হাতীগাঁও সিজুবাৰী কৱৰস্থান পৰিচালনা সমিতিৰ সভাপতি, হাতীগাঁও সিজুবাৰী ঈদগাহ পৰিচালনা সমিতিৰ সভাপতি, সিজুবাৰী ১ নং প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

তাৰোপৰি তেওঁ হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি, ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি, আজান ফকীৰ মেম’ৰিয়েল একাডেমি, হাতীগাঁও সিজুবাৰী জনকল্যাণ সমিতি, হাতীগাঁও সিজুবাৰী শান্তি সমিতি, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, নৱাৰুণ শাখা সাহিত্য সভা, বৃহত্তৰ হাতীগাঁও (নামঘৰ) দুৰ্গাপূজা উদযাপন সমিতি, হাতীগাঁও সাৰ্বজনীন দুৰ্গাপূজা উদযাপন সমিতি, হাতীগাঁও সিজুবাৰী ঈদ মেহফিল উদযাপন সমিতি, সিজুবাৰী শ্বাহ মখদুম শ্বাহ দৰ্গাহ, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিভিন্ন কাৰ্যসূচীকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ সৈতে ঘনিষ্ঠ ভাবে জড়িত হৈ আছিল।

বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি বিপুল ৰাভা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, হাতীগাঁও সিজুবাৰী ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, শতদল নৱাৰুণ শাখা সাহিত্য সভা, হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি,সিজুবাৰী ১ নং প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি, হাতীগাঁও চাৰিআলি জামে মছজিদ পৰিচালনা সমিতি, সিজুবাৰী ৰেডিয়েন্ট যুৱ সংঘ, হাতীগাঁও বিকাশ মঞ্চ, বৃহত্তৰ দিছপুৰ অনুভূতি নাগৰিক মঞ্চ প্ৰভৃতি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী নুৰনেহাৰ বেগম, পুত্ৰ প্ৰাক্তন ছাত্ৰ নেতা নুৰুল হক(ৰিন্টু), নজৰুল হক(ৰাজু), বিবাহিতা কন্যা চাজিদা ৰহমান সমন্বিতে বহুতো আত্মীয় স্বজনক এৰি গৈছে। কাইলৈ পুৱা দহ বজাত সিজুবাৰী কৱৰস্থানত (ঈদগাহৰ সম্মুখত) তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব।

Exit mobile version