57.50 Lakh Seized In Paltan Bazar:পল্টনবজাৰৰত জব্দ ৫৭.৫০ লাখ টকা

গুৱাহাটী ৰে’লৱে ষ্টেচনত দুটাকৈ ব্ৰীফকেছত অনা হৈছিল বৃহৎ পৰিমাণ ধন খিনি

ghy Railway

57.50 Lakh Seized In Paltan Bazar:

পল্টনবজাৰত জব্দ ৫৭.৫০ লাখ টকা ৷ গুৱাহাটী ৰে’লৱে ষ্টেচন আৰক্ষীয়ে বুধবাৰে এক নিয়মীয়া তালাচীত জব্দ কৰে বৃহৎ পৰিমাণৰ ধনখিনি ৷

ডিব্ৰুগড়ৰ পৰা ৰাজধানী এক্সপ্ৰেছ ৰে’লযোগে অহা দুজন লোকৰ দুটা ব্ৰীফকেছৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ ৫৭.৫০ লা লাখ ৫০ হাজাৰ টকা ৷

ধনখিনি কঢ়িযাই অনা লোক দুজন হ’ল তলমিজ আহমেদ খান আৰু ঋষিকেশ কুমাৰ ৷ ধৃত লোক দুজনে টকা খিনি কি উদ্দেশ্যৰে আনিছিল এই সন্দৰ্ভত সঠিক উত্তৰ দিব পৰা নাই আৰক্ষীৰ জেৰাত। অৱশ্যে ব্যৱসায় সংক্ৰান্তীয় বুলি প্ৰকাশ কৰিছে যদিও আৰক্ষী প্ৰতিয়ণ যোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা ধনখিনি আয়কৰ বিভাগলৈ প্ৰেৰণ কৰিব বুলি জানিব দিয়ে ৷

Exit mobile version