Gold Seized In Fancy Bazar:ফাঁচীবজাৰত জব্দ বুজন পৰিমাণৰ সোণৰ বিস্কুট

সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৩৬ লাখ টকা

gold Seized

Gold Seized In Fancy Bazar:

মহানগৰীত বৃহস্পতিবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম বুজন পৰিমাণৰ সোণৰ বিস্কুট

জব্দকৃত সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৩৬ লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে । ফাঁচীবজাৰৰ এ বি জেড কমপ্লেক্সৰ এখন বিপণীত বিক্ৰী কৰিবলৈ আনিছিল অবৈধ সোন সৰবৰাহকাৰী চক্ৰ এটাই ৷

প্ৰাপ্ত খবৰ অনুসৰি বহি:ৰাজ্যৰ সোন সৰবৰাহকাৰীত তিনিজনীয়া দলটোৱে পাঁচটা সোনৰ বিস্কুট খিনি কঢ়িয়াই আনিছিল ৷ পৰৱৰ্তী সময়ত ফাঁচিবজাৰত বিক্ৰীৰ চেষ্টা চলাওতেই আৰক্ষীৰ জালত পৰে ৷

উল্লেখ্য যে ,এই সোন সৰবৰাহকাৰী চক্ৰটোৰ স’তে জড়িত হৈ আছে ফাঁচিবজাৰৰ একাংশ সোনাৰী ৷ ইতিমধ্যে তিনি সৰবৰাহকাৰীক ক্ৰাইম বাঞ্চে আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version