Bomb Blast In Milan City:ইটালীৰ মিলান চহৰত ভয়ংকৰ বিস্ফোৰণ

পার্কিঙত থকা এখন ভানত বিস্ফোৰণ, বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহত

milan bomb blast 1

Bomb Blast In Milan City:

ইউৰোপীয়ান দেশ ইটালীৰ মিলান চহৰত ভয়ংকৰ বিস্ফোৰণমিলান চহৰৰ মাজমজিয়াৰ ব্যস্ততাপূৰ্ণ অঞ্চল চিটী চেন্টাৰ পার্কিঙত থকা এখন ভানত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হোৱা ভয়াৱহ বিস্ফোৰণৰ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

বিস্ফোৰণৰ ফলত পাকিংত থকা কেবাখনো বাহন ভস্মীভূত হয় ৷ হঠাতে হোৱা ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ তাত উপস্থিত থকা লোক সকল প্ৰাণৰ মমতাত যেনিতেনি দৌৰ মাৰে ৷

ঘটনাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ এতিয়ালৈকে জানিব পৰা হোৱা নাই হতাহতৰ তথ্য ৷

ইতিমধ্যে মিলান চহৰৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি আৰম্ভ কৰিছে তদন্ত ৷ আনকি উপস্থিত হৈছে ফৰেনছিকৰ বিষয়াবৰ্গ ৷

বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে মিলান চহৰৰ আৰক্ষীয়ে৷ যাৰবাবে আৰক্ষীয়ে মিলান চহৰত জাৰি কৰিছে হাই এলাৰ্ট

Exit mobile version