Silapothar Police Firing:চিলাপথাৰ আৰক্ষীৰ গুলীচালনা !

আৰক্ষীৰ গুলীত ধৰাশায়ী এটা দুৰ্ধৰ্ষ ডকাইত, পলায়ন দুই ডকাইত

Dacoit Arrested

Silapothar Police Firing:

উত্তৰ অসমত অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ মাজতে বুধবাৰে অসম–অৰুণাচল সীমান্তৰ চিলাপথাৰ লিকাবালি-মিলনপুৰত আৰক্ষীৰ গুলীত আহত হয় এটা দুৰ্ধৰ্ষ ডকাইত

প্ৰাপ্ত খবৰ মতে, কিছুদি পূৰ্বে ধেমাজীৰ পৰা এখন নম্বৰবিহীন এল্ট’কৰিছিল দুৰ্বৃত্তৰ দলে। আনকি এই দলটোৱে সপ্তাহতে সংঘটিত কৰিছে বিভিন্ন ডকাইতি কাৰ্য ৷

বুধবাৰে নিশাই জোনাইৰ পৰা ডকাইতৰ দলটোৱে চুৰি কৰি এখন বাহনৰে অসম-অৰুণাচল সীমান্তৰ চিলাপথাৰৰ মিলনপুৰ দিশত গৈ থকাৰ সম্ভেদ লাভ কৰে আৰক্ষীয়ে

ততাতৈয়াকৈ চিলাপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টায়েৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ডকাইতৰ দলটোক অনুকৰণ কৰি লিকাবালি মিলনপুৰত উপস্থিত হয় নিশা দুই বাজি ত্ৰিশ মিনিটত ৷ আৰক্ষী দলটোক দেখি ডকাইতৰ দলটোৱে নিৰ্বিচাৰ গুলীচালনা কৰে ৷

প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীবৰ্ষণ কৰাত এটা ডকাইতৰ ভৰিত গুলী লাগি গুৰুৰভাৱে আহত হয় ৷ আনহাতে আহত ডকাইতটোৰ আন দুই সহযোগী এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷

আহত ডকাইতটোৰ নাম লখিন্দ্ৰ বাছফৰ (২৮) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷  আৰক্ষীয়ে পলাতক ডকাইত দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version