Students Sick After Consuming Government Tablets:মহানগৰীৰ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন

চৰকাৰী টেবলেট সেৱন কৰি অসুস্থ বিশ গৰাকী শিক্ষার্থী

ganeh MANDIR SCHOOL

Students Sick After Consuming Government Tablets :

মহানগৰীৰ খানাপাৰাস্থ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অঘটন ৷ বৃহস্পতিবাৰে শিক্ষানুষ্ঠানখনত অনুষ্ঠিত হোৱা স্বাস্থ্য শিবিৰত চৰকাৰী টেবলেট সেৱন কৰি অসুস্থ ২০ গৰাকীকৈ শিক্ষার্থী ৷

স্বাস্থ্য শিবিৰত শিক্ষাৰ্থীক দিয়া হৈছিল আইৰণ আৰু ফলিক এচিড টেবলেট ৷ টেবলেট সেৱনৰ পাছতে পেটৰ বিষত আক্রান্ত ছাত্র-ছাত্রীসকল ৷ ততাতৈয়াকৈ অসুস্থ হৈ পৰা বিশ গৰাকী শিক্ষাৰ্থীক ভৰ্তি কৰা হয় দিছপুৰ চিকিৎসালয়ত ৷

ইতিমধ্যে চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত তদন্ত কৰাৰ আশ্বাস দিয়ে অভিভাৱক সকলক ৷

Exit mobile version