Tezpur Incident:অভিযন্তাৰ ঘৰত বনকৰা যুৱতীক নির্যাতনৰ অভিযোগ !

tezpur Incident

Tezpur Incident:

তেজপুৰত বনকৰা যুৱতীক শাৰিৰীক নিৰ্যাতনৰ অভিযোগ উদ্থাপিত হৈছে । তেজপুৰৰ হজৰাপাৰৰ শংকৰ নগৰৰ বাসিন্দা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা মেঘালী শ‍ইকীয়া আৰু স্বামী ৰাণা কাকতিৰ বিৰুদ্ধে তেওঁলোকৰ ঘৰত বনকৰা হিচাপে নিয়োজিত যুৱতীক নির্যাতন কৰাৰ অভিযোগ কৰে নিৰ্যাতিত যুৱতী গৰাকীয়ে।

উল্লেখ্য যে ,বিগত এমাহ ধৰি মেঘালী শ‍ইকীয়াৰ ঘৰত বনকৰা হিচাপে কৰ্মৰত যুৱতীগৰাকীক শাৰীৰিক-মানসিক নির্যাতন চলাইছিল দম্পতীহালে ৷
প্ৰাণৰ ভয়ত অভিযন্তা মেঘালী শ‍ইকীয়াৰ ঘৰৰ পৰা পলায়ন কৰে যুৱতী গৰাকীয়ে। আজি তেজপুৰস্থ মীন বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পথৰ কাষত বহি থকা অৱস্থাত আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰে ভুক্তভোগী যুৱতী গৰাকীক ৷

ইতিমধ্যে যুৱতী গৰাকীয়ে আৰক্ষীক নিৰ্যাতনৰ সকলো কথা বিৱৰি কোৱাত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

Exit mobile version