AMCH Dr.Sarita Toshniwal Murder Case:আজি আছিল ডা: সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান

গোচৰত অভিযুক্ত কিৰ মেছ আদালতত অনুপস্থিত, ১৭ মে'ত ডাঃ সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ ৰায়দান, দুই অভিযুক্ত ডাঃ দীপামণি শইকীয়া আৰু কিৰ মেছক আদালতত হাজিৰৰ নিৰ্দেশ

amch Murder CASE

AMCH Dr.Sarita Toshniwal Murder Case:

দেশ কঁপাই যোৱা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত ডাঃ সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ আজি আছিল চুড়ান্ত ৰায়দানৰ দিন ৷ কিন্ত এই গোচৰৰ দুই অভিযুক্তৰ কিৰ মেচ নামৰ ৱাৰ্ডবয়জনে তেওঁ অসুস্থ হোৱাৰ বাবে আজি ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত থাকিব নোৱাৰাৰ আবেদন দাখিল কৰিছিল অধিবক্তাই ৷ আবেদন গ্ৰাহ্য কৰি আদালতে ১৭ মে’ত ডাঃ সৰিতা তছনিৱালৰ হত্যাকাণ্ডৰ ৰায়দানৰ দিন ধাৰ্য কৰে।

এই কথা সদৰি কৰে চৰকাৰী অধিবক্তা শ্যামল শীলে ৷ অৱশ্যে আজি আদালতত সোঁশৰীৰে উপস্থিত আছিল তছনিৱাল হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত ডাঃ দীপামণি শইকীয়া ৷ আদালতে ১৭ মে’ত দুই অভিযুক্তক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,২০১৪ৰ ৮ মে’ত AMCHত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালৰক ৷ দেশ কঁপাই গৈছিল এ এম চি এইচত সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডই। সৰিতা তছনিৱাল হত্যাকাণ্ডই ইতিমধ্যে অতিক্ৰম কৰিলে নটাকৈ বছৰ।

সুদীৰ্ঘ নবছৰে চলি থকা এই গোচৰৰ শুকুৰবাৰে ৰায়দানৰ সম্ভাৱনা আছিল যদিও কিৰ মেছ নামৰ ৱাৰ্ডবয় জন উপস্থিত নথকাত পুনৰ ৰায়দান দিন ধাৰ্য কৰে ১৭ মে’ত ৷

স্মতৰ্ৱ্য যে২০১৪ ৰ ১০ মে’ত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ বৰ্ষৰ  শিক্ষাৰ্থী ডা:সৰিতা তছনিৱালক আইচিউত মৃত অৱস্থাত পোৱা গৈছিল। এই হত্যাকাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৱাৰ্ড বয় কিৰ মেচ। কিৰ মেছৰ স্বীকাৰোক্তি ভিত্তিত এই হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড ডাঃ দীপামণি শইকীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

উল্লেখ্য সৰিতা তছনিৱালৰৰ মৃতদেহটো এখন কম্বলেৰে ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল৷ মৃতদেহ ডিঙিৰ বাওঁফালে এটা ডিচপোজেবল অস্ত্ৰোপচাৰৰ চুৰি লাগি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে হাস্পতালত অভিযান চলোৱাৰ পাছত
এএমচিএইচ কৰ্তৃপক্ষই আৰক্ষীক সদৰি কৰা যে হত্যাকাণ্ডৰ নিশা কৰ্তব্য সামৰাৰ পাছত আইচিইউৰ চিকিৎসকৰ কোঠালৈ গৈ অৱসৰ লৈছিল।

 উল্লিখিত দিনাৰ অস্ত্ৰোপচাৰ কক্ষত ডিউটি আছিল ৱাৰ্ডবয় কিৰ মেচ ৷ মেচৰ মুখত আচোৰৰ দাগ স্পষ্ট ৰূপত দেখা গৈছিল ৷ সন্দেহ কৰা মতে ভুক্তভোগীয়ে নখৰ পৰাই এই আঘাত পাইছিল ৷

পৰৱৰ্তী সময়ত কিৰ মেছে আৰক্ষীৰ উপযুপৰি জেৰাত হত্যাৰ কথা স্বীকাৰ কৰি কয় এই হত্যাকাণ্ডৰ মুল অভিযুক্ত ডাঃ দীপামণি শইকীয়া বুলি প্ৰকাশ কৰে ৷

ডিব্ৰুগড় আৰক্ষীয়ে কেইদিনমানৰ পাছতে নগাঁও চহৰৰ পাশ্বৱৰ্তী হুজগাঁৱৰ নিজ বাসগৃহৰ পৰা হত্যাৰ অভিযোগত ডাঃ দীপামণি শইকীয়াক গ্ৰেপ্তাৰ কৰিছিল ৷

আৰক্ষীয়ে সেই সময়ত সদৰি কৰা মতে, ডাঃ শইকীয়াই বহুদিনৰ পৰাই ডাঃ সৰিতা তছনিৱাল হত্যাৰ পৰিকল্পনা ৰচিছিল।
উল্লেখ্য যে, দীপামণি আৰু সৰিতা দুয়ো প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত একেলগে কাম কৰিছিল ,অৱশ্যে ডা: দীপামণি ছিনিয়ৰ আছিল ৷
দুয়োৰে মাজত নিয়মমাফিক সম্পৰ্ক আছিল ৷ কিন্ত পৰৱৰ্তী সময়ত ড:শইকীয়াৰ পৰা আঁতৰি আছিল ডা:সবিতা ৷ যাৰবাবে ক্ষুব্ধ হৈছিল ডা: দীপামণি ৷ পৰিকল্পনা কৰিছিল হত্যাকাণ্ডৰ ৷ এইক্ষেত্ৰত নানান প্ৰলোভন দি দীপমণিয়ে সহযোগী হিচাপে লৈছিল ৱাৰ্ডবয় কিৰ মেছক ৷ দুয়োৰে মিলি প্ৰথমে ধৰ্ষণ কৰে আৰু পাছত নৃশংসভাৱে হত্যা কৰে ডা:সৰিতাক ৷

আৰক্ষীৰ মাৰাথন জেৰাত উল্লিখিত পৰিকল্পিত হত্যাকাণ্ডৰ সৱিশেষ বৰ্ণন দিয়ে ডা: দীপামণি শইকীয়া আৰু ৱাৰ্ডবয় কিৰ মেছে ৷ দুই অভিযুক্ত বহু মাহ জেলত থকাৰ পাছত জামিনত মুকলি হয় ৷

ইয়াৰ পাছত নিজকে স্বাভাৱিক অৱস্থালৈ আহিবৰ বাবে ডা: দীপামণি শইকীয়াই নিজৰ গৃহ চহৰ নগাঁওৰ ধিং ৰোডৰ ডি ইউ কেয়াৰ হাস্পতালত চিকিৎসক ৰূপে যোগদান কৰি বৰ্তমানলৈকে কৰ্মৰত হৈ আছে ৷

Exit mobile version