Prepaid Meter:ভিৰৰ বাবে বহু উপভোক্তাই ৰিচাৰ্জ কৰিব নোৱাৰিলে, কে’বাঘণ্টাও বন্ধ বিদ্যুৎ যোগান

বলপূর্বক প্রিপেইড মিটাৰ ব্যৱস্থাত গ্ৰাহকৰ হাহাকাৰ, দীঘলীয়া শাৰী কাৰ্যালয়ত

prepaid Meter

Prepaid Meter:

মাছৰ তেলেৰে মাছ ভজা নীতিৰে ৰাজ্যৰ বিদ্যুৎ বিভাগে প্রিপেইড মিটাৰ ব্যৱস্থাৰ নামত অব্যাহত ৰখা অতপালিত সাধাৰণ গ্ৰাহকে ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে।

বিদ্যুৎ কার্যালয়বোৰত সম্প্রতি বাহাল থকা পৰিৱেশেই তাৰ প্ৰমাণ। উদাহৰণ স্বৰূপে অন্য জিলাৰ লগতে বৰপেটাৰো অংশ বিশেষত যোৱা ন মে’ৰ পৰা প্রিপেইড ব্যৱস্থা সূচনা কৰা হয়। ইয়াকে লৈ সকলো শ্ৰেণীৰ উপভোক্তাৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইয়াৰ ভিতৰত আটাইতকৈ হাহাকাৰ লাগিছে আর্থিকভাৱে আটাইতকৈ পিছপৰা লোকসকলৰ। কাৰণ অসমৰ দৰে দুখীয়া লোকেৰে ভৰি থকা ৰাজ্য এখনত পেটে ভাতে খাই থকা মানুহৰ সংখ্যা যথেষ্ট বেছি। সেইসকলৰ বাবে ইণ্টাৰনেট সংযোগসহ এনড্রইড ম’বাইল ফোন এটা ক্ৰয় কৰাটো সপোনৰো অগোচৰ।

এনে লোকসকলেই কালিৰ পৰা হাহাকাৰ কৰিবলগীয়া হৈছে। সমস্যাৰ সমাধান বিচাৰি দৈনিক উপাৰ্জন বাদ দিও তেওঁলোকে পুৱাৰ পৰা বিদ্যুৎ বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ কাৰ্যালয়ত দীঘলীয়া শাৰীত থিয় দিবলগীয়া হৈছে।

ইপিনে, প্রিপেইড মিটাৰ ব্যৱস্থাত সন্মুখীন হোৱা জটিলতাৰ সমাধান বিচাৰি কাৰ্যালয়বোৰত হোৱা ভিৰৰ বাবে বহু লোকে ৰিচাৰ্জ কৰিব নোৱাৰিলে। ইয়াৰ ফলত বহু লোকৰ কালি বিদ্যুৎ যোগান বন্ধ হৈ পৰে। বৰপেটা চহৰৰ এক নম্বৰ ৱাৰ্ডত এনে ঘটনা সংঘটিত হয়।

আনহাতে, পাঠশালাসহ কোনো কোনো স্থানত ৰিচাৰ্জ কৰাৰ পাছতো বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। মন কৰিবলগীয়া যে এনে জটিলতাৰ সমাধান দিবলৈ এপিডিচিলৰ বহু বিষয়া-কৰ্মচাৰীও সমর্থ নহয় ।

Exit mobile version